নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী আন্দোলনৰ নামত সংঘটিত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে ক্ষিপ্র গতিত তদন্ত অব্যাহত ৰাখিছে ৷
অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই বুধবাৰে সংবাদ মাধ্যমক জনোৱা মতে, আন্দোলনৰ নামত ব্যাপক হিংসাৰ আশ্রয় লৈ ৰাজহুৱা সা–সম্পত্তি ধ্বংস কৰা ঘটনাৰ তদন্ত কৰিবলৈ দুটা বিশেষ তদন্ত গোট গঠন কৰা হৈছে ৷ তদুপৰি এই সংক্রান্তত স্পেচিয়েল ছুপাৰভিজন টাস্ক ফ’চ এটাও গঠন কৰি দিয়া হৈছে ৷
আনহাতে, প্রতিবাদৰ নামত আইন হাতত তুলি লৈ ৰাজহুৱা সম্পত্তি ধ্বংস কৰা ঘটনাৰ তদন্ত প্রক্রিয়াত আৰক্ষীক সহায় কৰিবলৈ ৰাইজক আহ্বান জনায় ভাস্কৰজ্যোতি মহন্তই ৷ এই সংক্রান্তত কাৰোবাৰ হাতত ভিডিঅ’ ফুটেজ বা আন তথ্য থাকিলে ০৩৬১–২৩৮১৫১১ নম্বৰত যোগাযোগ কৰিবলৈ শীর্ষ আৰক্ষী বিষয়াজনে আহ্বান জনায় ৷ এইক্ষেত্রত তথ্য যোগান ধৰিব বিচৰা লোকৰ পৰিচয় গোপনে ৰখা হ’ব বুলিও মহন্তই কয় ৷