নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ প্ৰেম, মিঞা প্ৰেমঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ কংগ্ৰেছৰ প্ৰেম মিঞা প্ৰেম আৰু মিঞাসকলে কৈছে যে কলাক্ষেত্ৰত নীলা লুঙী স্থাপন কৰিব লাগে তেওঁলোকৰ এই প্ৰেমটো সকলোৱে দেখিছে। ইয়াৰ অন্তৰালত একো নাই মাত্ৰ তেওঁলোকৰ এবাৰ মন্ত্ৰী হোৱাৰ মন, দিছপুৰ দখল কৰাৰ মন বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।

আছু ৰাজনৈতিক দল নে অৰাজনৈতিক দল সেই সন্দৰ্ভত চলি থকা বিতৰ্কৰ সময়তে মন্ত্ৰী ড০ শৰ্মাই কয় যে আছু এটা অৰাজনৈতিক দল নহয় সেইবাবে নিৰ্বাচন খেলিব লাগে। সমষ্টিয়ে সমষ্টিয়ে প্ৰতিদ্বন্দিতা কৰিব লাগে আৰু আছুৱে নিজকে এবাৰ দৰ্শন কৰি ল’ব লাগে। আছুৰ সভাপতি-সম্পাদকৰ  মতবিৰোধ সন্দৰ্ভত তেওঁ কয় যে তেওঁলোক বিচিত্ৰ মানুহ, এজনে ক’ব ৰাজনৈতিক আনজনে ক’ব অৰাজনৈতিক। মুঠতে এইবাৰ নিৰ্বাচনত আছুৱে এঘড়ী যুঁজি ল’ব লাগে।

গঁড় হত্যা সন্দৰ্ভতো মন্তব্য মন্ত্ৰীগৰাকীৰ। তেওঁ কয় যে অসমৰ মানুহে বহুদিনৰ পৰা কৈ আছিল কাজিৰঙাৰ মানুহখিনিক যদি উচ্ছেদ কৰি দিয়ে তেন্তে গঁড় হত্যা নিশ্চয়কৈ কমিব। এতিয়া গঁড় হত্যা নোহোৱা হ’ল অসমৰ ৰাইজে এতিয়া কংগ্ৰেছক প্ৰশ্ন কৰিব লাগে যে কি বুজাবুজি আছিল যে গঁড় হত্যা বন্ধ কৰিব পৰা নাছিল। মিঞা আৰু অসমীয়াৰ যুঁজখন কংগ্ৰেছেই আৰম্ভ কৰিছিল। যিসকলে শংকৰদেৱৰ জন্মস্থানখন বচাই ৰাখিব নোৱাৰে তেওঁলোকে নিজৰ পৰিয়ালটোক বচাই ৰাখিব পাৰিব নেকি বুলিও প্ৰশ্ন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like