নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ’ব ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

নিয়মীয়া বাৰ্তা, ৯ জানৱাৰীঃ ১৬ জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ’ব ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰথম পৰ্যায়ত চিকিৎসক-নাৰ্চকে ধৰি স্বাস্থ্যকৰ্মীসকলক দিয়া হ’ব এই ভেকচিন। ইয়াৰ পাছতে বিভিন্ন ৰাজ্যত আৰম্ভ হ’ব ভেকচিন প্ৰদান প্ৰক্ৰিয়া।

বহু প্ৰতীক্ষিত ভাল খবৰটো আহিল। ক’ৰোনাই গ্ৰাস কৰা বিশ্বৰ লগতে দেশৰ বাবেও আহিল ভাল খবৰটো। ক’ৰোনাত আক্ৰান্ত হৈ লক্ষজনে প্ৰাণ হেৰুৱাইছিল আৰু আক্ৰান্তৰ সংখ্যাও  লেখত লবলগীয়া। ২০২০ বৰ্ষটোৰ প্ৰায় বহুকেইমাহ লক ডাউনতেই সীমাবদ্ধ হৈ থাকিল। দেশৰ বিভিন্ন স্তৰৰ ক্ষতি হোৱাৰ লগতে অৰ্থনৈতিকভাৱে জুৰুলা হৈ গৈছিল। নববৰ্ষৰ আৰম্ভণিতে দেশবাসীৰ বাবে আহিছিল ভালখবৰটো। দুটাকৈ ভেকচিনৰ ভাৰতত ব্যৱহাৰৰ বাবে অনুমতি লাভ কৰিছিল। দেশৰ বিজ্ঞানীসকলক ধন্যবাদ জ্ঞাপন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

তাৰপাছতে আহিল এই ভালখৱৰটো। ১৬ জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ’ব ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ইয়াৰ ফলত বহু পৰিমাণে ক’ভিড আক্ৰান্তৰ সংখ্য়া হ্ৰাস পাব বুলি আশংকা কৰা হৈছে।

You might also like