ক্ৰিকেট বুলিলেই ৰোমাঞ্চ অনুভৱ কৰা মুখ্যমন্ত্ৰীয়ে খেলিলে ক্ৰিকেট
টি জি বৰুৱা মিডিয়া টী-২০ত চেম্পিয়ন প্ৰাগ নিউজ
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আজি জজ খেলপথাৰত সামৰণি পৰে অষ্টমবাৰ্ষিক তুলসী গোবিন্দ বৰুৱা সংবাদ মাধ্যম টী-২০ ক্ৰিকেটৰ। এই সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখা যায় এগৰাকী ক্ৰিকেট খেলুৱৈৰ ৰূপত।
সুযোগ বুজি কিছু সময় বেটিং কৰি আনন্দ উপভোগ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। ক্ৰিকেট গ্ৰাউণ্ডত ক্ৰিকেট খেলি আৰু উপস্থিতিয়ে তেওঁক নষ্টালজিক কৰি তোলে। টুইটযোগে শ্বেয়াৰ কৰা ভিডিঅ’ত সোণোৱালে কয়- ‘ক্ৰিকেট বুলিলেই মই এক থ্ৰীল অনুভৱ কৰোঁ আৰু স্কুল-কলেজৰ দিনবোৰলৈ মনত পৰে। বহুদিনৰ মূৰত হাতত বেটখন লৈ সাংবাদিক বন্ধুসকলৰ সৈতে কিছু সময় Cricket bat and ball খেলি সেই দিনবোৰলৈ উভতি গ’লোঁ।’
উল্লেখ্য, আজি সামৰণি পৰা অষ্টম বাৰ্ষিক তুলসী গোবিন্দ বৰুৱা মিডিয়া টী-২০ ক্ৰিকেটত প্ৰাগ নিউজৰ হাতত ৯ উইকেটত পৰাজিত হয় অসমীয়া প্ৰতিদিন। চেম্পিয়নৰ খিতাপ অৰ্জন কৰা প্ৰাগ নিউজক বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণাৱালে।