নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত আৰম্ভ ক’ভিড ছিটাকৰণ, জি এম চি এইচত চিকিৎসাকৰ্মীক কৃতজ্ঞতা জনালে স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড ছিটাকৰণৰ শুভাৰম্ভ কৰাৰ পিছতে দেশৰ লগতে অসমতো আৰম্ভ হ’ল ক’ভিড ছিটাকৰণ। অসমৰ ৩৩খন জিলাৰ ৭খন চিকিৎসা মহাবিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু অসামৰিক জিলা চিকিৎসালয়কে ধৰি মুঠ ৬৫টা কেন্দ্ৰত ক’ভিড ছিটা প্ৰদান কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ছিটাকৰণৰ শুভাৰম্ভ কৰা হয়।

মন্ত্ৰীগৰাকীয়ে ছিটাকৰণ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি অসমজুৰি আৰম্ভ হোৱা ছিটাকৰণ সন্দৰ্ভত কয়- ‘৯৮ শতাংশৰো অধিক আৰোগ্যৰ কৃতিত্বৰে, আটাইতকৈ কম মৃত্যুৰ হাৰেৰে ক’ভিড-১৯ৰে হোৱা যুদ্ধত অসম ভাৰতৰ বুকুত জিলিকি উঠিছিল। ভাৰতৰ সংবাদ মাধ্যমেও ক’ভিড-১৯ যুদ্ধত অসমৰ কৃতিত্বক প্ৰশংসা কৰিছিল।

এই যুদ্ধত চিকিৎসা কৰ্মী তথা সমূহ ক’ভিড যোদ্ধাই মনেপ্ৰাণে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিছিল। আজিৰ ছিটাকৰণৰ মুহূৰ্তটো আমাৰ বাবে অত্যন্ত আৱেগিক মুহূৰ্ত, কৃতজ্ঞতাৰ মুহূৰ্ত। চিকিৎসা কৰ্মীসকলক কৃতজ্ঞতা জনোৱাৰ মুহূৰ্ত। প্ৰথমতে ক’ভিড ছিটা লৈ চিকিৎসাকৰ্মীসকলে পুনৰ ক’ভিড বিৰোধী যুঁজখনত নিজকে আগুৱাই নিছে আৰু মানৱ কল্যাণৰ বাবে দেশে যেতিয়াই বিচাৰে তেতিয়াই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু বুলি প্ৰমাণ কৰিছে।’

You might also like