নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্গম শৃংগ কে২ বিজয় নেপালী আৰোহীৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ  বিশ্বৰ দ্বিতীয় সর্বোচ্চ পর্বত শৃংগ কে২ বগাবলৈ সক্ষম হৈছে নেপালৰ ১০জনীয়া পর্বতাৰোহী৷ প্রথমবাৰলৈ নেপালৰ পর্বতাৰোহী দলে কে২ আৰোহণ কৰি নতুন বিশ্বাভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ শীতকালত অতি দুর্গম পর্বত শৃংগ হিচাপে চিহ্ণিত কে২ বগাবলৈ গৈ বাৰে বাৰে ব্যর্থ হ’বলগীয়া হৈছে বিশ্বৰ বিভিন্ন দেশৰ পর্বতাৰোহী৷ ২৮,২৫১ ফুট উচ্চতাৰ কে২ বগোৱা আলোকচিত্র ইতিমধ্যে মুকলি কৰি দিছে পর্বতাৰোহী দলটোৱে৷ পর্বতাৰোহী দলটোৰ সদস্য নিমছডাই পুৰজাই উল্লেখ কৰা অনুসৰি স্থানীয় সময় অনুসৰি তেওঁলোকে বিয়লি পর্বত শৃংগটোৰ ওপৰত পদার্পণ কৰিবলৈ সক্ষম হয়৷ মাউণ্ট এভাৰেষ্টতকৈ মাত্র ২০০ মিটাৰ চাপৰ চীন–পাকিস্তান সীমান্তৰ কাৰাকৰম অঞ্চলৰ এই পর্বত শৃংগটোক ১৯৫৩ চনত আমেৰিকান পর্বত আৰোহী জর্জ বেলে ‘চয়তান পর্বত’ আখ্যা দিছিল৷ এই শৃংগটোৱে পর্বত আৰোহীৰ কেৱল প্রাণ নাশ কৰিবলৈ চেষ্টা চলায় বুলিও উল্লেখ কৰিছিল জর্জ বেলে৷ নেপালী পর্বত আৰোহী দলটোৱে কে২ বিজয়েৰে নতুন ইতিহাস ৰচিবলৈ সক্ষম হ’ল৷

You might also like