নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰলৈ ভাবুকি

ভয়াৱহভাৱে খহিছে ব্রহ্মপুত্রৰ পাৰ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ মহানগৰীৰ আজাৰা থানাৰ অন্তর্গত মাজিৰগাঁও ঠাকুৰীয়াপাৰাত ব্রহ্মপুত্রৰ বালি মাটি খননৰ বাবে পুনৰ প্রস্তুতি চলোৱা বিষয়টোৱে ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ বালি মাটি মহল স্থাপনৰ ফলত অনাগত দিনত হ’ব পৰা বিপর্যয়ৰ কথা ভাবি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

উল্লেখ্য যে মাজিৰগাঁৱত খৰালি কালত ব্রহ্মপুত্রৰ বালি মাটি খননৰ বাবে কেইবাটাও মহল (স্থানীয় ভাষাত খাদান) স্থাপন কৰা হয়৷ জিলা প্রশাসনৰ অনুমতি সাপেক্ষে খাদানসমূহত খনন চলে যদিও জিলা প্রশাসনে অনুমতি দিয়া বিষয়টোৰ সত্যতা কিমান, সেয়া সন্দেহৰ আৱর্তত৷ সেয়া যিয়েই নহওক ব্রহ্মপুত্রৰ বালি মাটি খননৰ নামত দিনে–নিশাই এক্সকেভেটৰৰ সহায়ত জধেমধে খনন চলোৱাৰ ফলত এইবাৰ মাজিৰগাঁৱৰ ঠাকুৰীয়াপাৰাত সৃষ্টি হৈছে ব্যাপক খহনীয়া৷

বাৰিষা ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে মাজিৰগাঁৱৰ মথাউৰিৰ দাঁতিৰ কেইবাটাও অংশত খহনীয়াৰ সৃষ্টি কৰে৷ পানী শুকোৱাৰ পিছতে খহনীয়াগ্রস্ত অঞ্চলবোৰত হোৰাহোৰে মাটি খহি অতি বিপজ্জনক ৰূপ ধাৰণ কৰিছে৷ তদুপৰি যোৱা বাৰিষাত মাজিৰগাঁৱত ব্রহ্মপুত্রৰ পানীয়ে ৰিং বান্ধ ভাঙি পেলোৱাত কেইবাখনো গাঁও পানীত বুৰ গৈছিল৷

তদুপৰি মাজিৰগাঁৱৰ নাতিদূৰতে আছে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটো৷

ধাৰাপুৰৰ পৰা মাজিৰগাঁৱলৈ বিস্তৃত এই মথাউৰিটো বৰঝাৰ বিমানবন্দৰৰ বাবে সুৰক্ষাকৱচ৷ যদি এই মথাউৰিটো ভাঙি ব্রহ্মপুত্রৰ পানী সোমাই আহে তেন্তে নিমিষতে বুৰ যাব আন্তর্জাতিক বিমানবন্দৰটো৷ কাজেই এই মথাউৰিটো সুৰক্ষিত থকাটো অতি জৰুৰী৷

যোৱা বাৰিষাৰ সময়ত ৰিং বান্ধ ভাঙি বানত বুৰ যোৱা মাজিৰগাঁও অঞ্চলটো স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ সৈতে পৰিদর্শন কৰিছিল ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্তই৷ মাজিৰগাঁৱৰ পৰা ধাৰাপুৰলৈ মথাউৰিটোৰ কেইবাটাও অংশ পৰিদর্শন কৰি মন্ত্রী কেশৱ মহন্তই পানী শুকোৱাৰ পিছতে মথাউৰিটো বিজ্ঞানসন্মত পদ্ধতিৰে মেৰামতি কৰিবলৈ বিভাগীয় বিষয়া–ভিযন্তাসকল্ নির্দেশ দিছিল৷ আনকি মন্ত্রীৰ সন্মুখতে বিভাগীয় বিষয়া–ভিযন্তাসকল্ হাতত মানচিত্র লৈ কেনেদৰে মথাউৰিটো মেৰামতি কৰিব, সেয়া ৰাইজক বুজাই দিছিল৷ কিন্তু পানী শুকাই যোৱাৰ কেইবামাহো অতিক্রম কৰাৰ পিছতো জলসম্পদ বিভাগে মথাউৰিটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্রহণ নকৰাত ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

স্থানীয় সচেতন লোকসকলে শীঘ্রে বিধ্বস্ত হৈ পৰা মথাউৰিটো মেৰামতি কৰাৰ ব্যৱস্থা গ্রহণৰ লগতে কোনো কাৰণতে যাতে মাজিৰগাঁও অঞ্চলত বালি মাটি খননৰ মহল স্থাপনৰ অনুমতি নিদিয়ে, তাৰ বাবে চৰকাৰ আৰু জিলা প্রশাসনক দাবী জনাইছে৷

You might also like