শিৱসাগৰত প্রধানমন্ত্রীৰ বিশাল সমাৰোহত সমৱেত হ’ব তিনি লক্ষাধিক জনতা
জেৰেঙা পথাৰত প্রস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে
নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত অহা ২৩ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া ভূমি পট্টা প্রদান অনুষ্ঠানৰ প্রস্তুতিৰ মঙলবাৰে বুজ লয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সভাস্থলী পৰিদর্শন কৰাৰ লগতে মুখ্যমন্ত্রী সোণোৱালে শিৱসাগৰ জিলা প্রশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে পর্যালোচনাও কৰে৷ এই পর্যালোচনা সভাখনত সর্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী শিৱসাগৰ ভ্রমণৰ বাবে ইয়াৰ দাঁতি–কাষৰীয়া অঞ্চলসমূহত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে৷ এক মহান উদ্দেশ্যৰে প্রধানমন্ত্রী জেৰেঙা পথাৰত উপস্থিত হ’ব৷ সভাখন যাতে নিয়াৰিকৈ সম্পন্ন হয়, তাৰ বাবে প্রশাসন, আৰক্ষীৰ লগতে জনসাধাৰণে দায়বদ্ধতাৰে পদক্ষেপ ল’ব লাগিব৷ ইফালে পর্যালোচনা সভাতে মুখ্যমন্ত্রীয়ে সভাখনৰ দায়িত্বত থকা বিভিন্ন বিভাগৰ মাজত সু–সমন্বয় ৰক্ষা কৰি কাম–কাজ পৰিচালনা কৰিবলৈ নির্দেশ দিয়ে৷ তদুপৰি ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে সভাস্থলীত উপস্থিত থকা সকলো জনসাধাৰণে যাতে মাস্ক পৰিধান কৰে, সেইটো নিশ্চিত কৰাৰ বাবেও তেওঁ স্বাস্থ্য বিভাগৰ কর্মকর্তাসকলক নির্দেশ দিয়ে৷ উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে ভূমি পট্টা গ্রহণ কৰিবলগীয়া হিতাধিকাৰীসকলৰ আৰ টি পি চি আৰ টেষ্ট কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রীয়ে স্বাস্থ্য বিভাগক নির্দেশ দিছে৷ মুখ্যমন্ত্রীৰ লগতে এই সভাৰ প্রস্তুতিৰ বুজ লয় মন্ত্রী যোগেন মহন, সাংসদ দিলীপ শইকীয়া, কামাখ্যাপ্রসাদ তাছা, বিধায়ক কুশল দুৱৰী, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে৷
আনহাতে, ভূমি পট্টা প্রদান অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ লক্ষ্যৰে ভাৰতীয় জনতা পার্টী আৰু অসম গণ পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতেও মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এক বৈঠকত মিলিত হয়৷ এই সভাত তেওঁ কয়– ‘২৩ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সভাখন অসমৰ অস্তিত্ব সুৰক্ষিত কৰা এক বিশাল জনসমাৱেশ৷ আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ এই মানসিকতাৰে সকলোৱে কাম কৰিব লাগিব৷ মাটি–ভেটি থাকিলেহে জাতি থাকিব, অসমৰ কলা–সংস্কৃতি, ভাষা–সাহিত্য সুৰক্ষিত হৈ থাকিব৷ প্রধানমন্ত্রীৰ জৰিয়তে মাটিৰ পট্টা প্রদানৰ যি কার্যসূচী গ্রহণ কৰা হৈছে, সেয়া জাতিটোৰ বাবে এক ঐতিহাসিক দিশ হৈ ৰ’ব৷’ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ইংৰাজী বর্ণমালাৰ ‘এ’ শব্দটোৰে সদায় আছাম বুলি উল্লেখ কৰি অহা নৰেন্দ্র মোদীয়ে সদায় অসম আৰু উত্তৰ–পূবৰ উন্নয়নক অগ্রাধিকাৰ দি আহিছে৷ অসমীয়াৰ শিপিনীৰ গৌৰৱৰ সৃষ্টি আৰু অসমীয়া জাতিৰ স্বাভিমান গামোচাখনক ৰাষ্ট্রীয় পর্যায়ত ডজলাই তুলিবলৈ সক্ষম হ’ল৷ পৃথিৱীৰ সাতশ কোটি মানুহৰ বাবে আশা আৰু বিশ্বাসৰ প্রতীক হৈ পৰা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ২৩ জানুৱাৰীত এই ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত হৈ এক লক্ষাধিক খিলঞ্জীয়া ভূমিহীনক ভূমিপট্টা প্রদান কৰিব৷ জাতি, মাটি আৰু ভেটিৰ প্রতিশ্রুতিৰে তেওঁলোকে শাসনৰ বাঘজৰী লৈছিল৷ এতিয়া সেই প্রতিশ্রুতি বাস্তৱিকতে পূৰণ কৰিবলৈ গৈ আছে৷ সেয়েহে এক লাখ খিলঞ্জীয়া ভূমিপুত্রক ভূমিপট্টা প্রদান কৰিবলগীয়া সমাৱেশত তিনি লাখ মানুহৰ ডপস্থিতি হ’বই লাগিব৷ শিৱসাগৰ জিলাখনত এঘাৰ লাখ পঞ্চাশ হাজাৰ থকাৰ বিপৰীতে চৰাইদেড জিলাত চাৰি লাখ পঞ্চাশ হাজাৰ মানুহ আছে৷ ডজনিৰ চৌত্রিশটা সমষ্টিৰ পৰা বর্ণ–ধর্ম নির্বিশেষে মণ্ডল, জিলা, বুথ কমিটী পর্যন্ত সকলোৰে ডপস্থিতিত ২৩ জানুৱাৰীত শিৱসাগৰ জেৰেঙা পথাৰত তিনি লাখ লোকৰ ডপস্থিতিৰে স্বর্গদেড চুকাফাৰ সমন্বয়ৰ সমাজ প্রতিষ্ঠা হ’ব৷ স্বর্গদেডৰ আদর্শেৰে জেৰেঙাত সকলো একত্রিত হ’ব৷ দেশৰ প্রধানমন্ত্রীগৰাকীয়ে ডপস্থিতিত অনুষ্ঠিত হ’বলগীয়া সভাখনত তিনি লাখ লোকৰ সমাগম নঘটিলে সকলো প্রচেষ্টা বিফলে যাব৷ সেয়েহে এই ঐতিহাসিক দিনটোত বতাহ, বৰষুণ, শিলাবৃষ্টি সকলো নেওচি তিনি লাখ লোক সমৱেত হৈ প্রধানমন্ত্রীগৰাকীৰ্ প্রচেষ্টাক আদৰণি জনাব লাগিব৷
উল্লেখ্য যে জেৰেঙা পথাৰৰ প্রধানমন্ত্রীৰ আগমনৰ ডপলক্ষে যুদ্ধকালীন তৎপৰতাৰে ৰাজ্য চৰকাৰ, শিৱসাগৰ জিলা প্রশাসন আৰু লোক নির্মাণ বিভাগে প্রস্তুতি অব্যাহত ৰাখিছে৷ প্রায় বাৰশ বিঘা ভূমিৰ ওপৰত অনুষ্ঠিত হ’বলগীয়া এই বিশাল জেৰেঙাৰ সমাৱেশৰ বাবে পুৰণি এ টি ৰোড সংযোগী প্রায় ছটা পথৰ নির্মাণ প্রায় সম্পূর্ণ হৈ ডঠাৰ লগতে মগৰাহাট পহুগডৰ দিশৰ পৰাও সংযোগী পথ নির্মাণ কৰা হৈছে৷ প্রধানমন্ত্রী আৰু প্রধানমন্ত্রীৰ সুৰক্ষাৰ লগত জডিত তিনিখন হেলিকপ্টাৰ অৱতৰণৰ বাবে জেৰেঙা পথাৰত উত্তৰ দিশত নির্মাণ কৰা হৈছে তিনিখনকৈ হেলিপেড৷ প্রধানমন্ত্রীয়ে ভাষণ প্রদান কৰিবলগীয়া বিশাল মঞ্চ নির্মাণৰ কাম দিনে–নিশাই অব্যাহত ৰখাৰ লগতে তিনিটাকৈ বিশাল মণ্ডপো সাজু কৰা হৈছে৷ জেৰেঙা পথাৰত সেইদিনা ডপস্থিত হ’বলগীয়া এক লাখ ভূমিহীনক বহিবৰ বাবে এক লাখতকৈও অধিক চকী সাজু কৰি ৰখা হৈছে৷ জেৰেঙা পথাৰৰ ভিতৰত নির্মাণ কৰা হৈছে কেইবাটাও পকী পথ৷ দিনে–নিশাই সভাৰ নির্মাণকার্য তদাৰক কৰি আছে সাংসদদ্বয় তপন গগৈ, কামাখ্যা প্রসাদ তাছা আৰু ৰাজ্যিক মন্ত্রী যোগেন মহনৰ লগতে বিধায়ক কুশল দুৱৰী, নৱনীতা সন্দিকৈৰ ডপৰি শিৱসাগৰ জিলা ডপায়ুক্ত বিষু কমল বৰা আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাই৷
উজনিৰ বিভিন্ন জিলাৰ পৰা অহা বুথ, মণ্ডল, জিলা, নগৰ সমিতিকে ধৰি বিভিন্ন মর্চাৰ সভাপতি, সম্পাদকসকল ডপস্থিত থকা আজিৰ এই সভাখনত মুখ্যমন্ত্রীৰ সৈতে একেলগে অহা সাংসদ দিলীপ শইকীয়াই কয় যে সুভাস বসুৰ জন্মদিনটোতেই শিৱসাগৰত ডপস্থিত থাকি নৰেন্দ্র মোদীয়ে খিলঞ্জীয়া ভূমিপুত্রৰ বাবে এক আশাৰ বার্তা কঢ়িয়াই আনিব৷ ঐতিহাসিক জেৰেঙাৰ পৰাই ভাৰতবর্ষলৈ যাব এক শক্তিশালী বার্তা৷ সেয়েহে যিকোনো মূল্যৰ বিনিময়ত জেৰেঙাৰ এই বিশাল সমাৱেশ আমি সফল কৰিবই লাগিব৷ গুৱাহাটীৰ পৰা হেলিকপ্ঢাৰযোগে ডপস্থিত হোৱা সর্বানন্দ সোণোৱালে পোনে পোনে তিনিওটা মূল মণ্ডপ, মঞ্চ, সংযোগী পথৰ নির্মাণকার্যৰ বুজ লোৱাৰ লগতে তিনিওখন নির্মীয়মাণ হেলিপেড নির্মাণৰ বুজ লয়৷ কাইলৈ দিনটোৰ ভিতৰতে নির্মাণকার্য সম্পূর্ণ কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াবর্গক নির্দেশ দিয়ে৷ ইফালে, আজি ভাষণ প্রসংগত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সভালৈ আহিবলগীয়া সকলোকে ৯.৩০বজাত সভাস্থলীত প্রৱেশ কৰিবলৈ আহ্বান জনোৱাৰ লগতে জিলা স্বাস্থ্য বিভাগে প্রৱেশ পথতে প্রদান কৰিবলগীয়া মাস্ক পৰিধান কৰিহে সভাস্থলীত প্রৱেশ কৰিবলৈ অনুৰোধ জনায়৷ মুখ্যমন্ত্রীৰ সৈতে আজি কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, সাংসদত্রয় তপন গগৈ, কামাখ্যা তাছা, দিলীপ শইকীয়া, মন্ত্রী যোগেন মহন, বিধায়ক কুশল দুৱৰী, নৱনীতা সন্দিকৈ, অগপ বিধায়ক প্রদীপ হাজৰিকা, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিং ডপস্থিত থাকে৷