নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়া মোৰ জীৱনৰ সর্বশ্রেষ্ঠ মুহূর্তঃ ঋষভ পণ্ট

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ দুর্গ গাব্বাত কেংগেৰু বাহিনীৰ দর্প চূর্ণ কৰি টীম ইণ্ডিয়াই ঐতিহাসিক বিজয় সাব্যস্ত কৰাত মুখ্য ভূমিকা গ্রহণ কৰা উদীয়মান তাৰকা ঋষভ পণ্ট এই সাফল্যক লৈ অভিভূত হৈ পৰিছে৷ অষ্ট্রেলিয়াৰ বলিং আক্রমণক সাহসেৰে মোকাবিলা কৰি ৮৯ ৰানৰ দুর্দান্ত ইনিংছ খেলা বাঁওহতীয়া বেটছমেনগৰাকীয়ে জয়ৰ পিছত কয় যে এয়া তেওঁৰ জীৱনৰ সর্বশ্রেষ্ঠ মুহূর্ত৷ ‘মোৰ বাবে এক সপোনৰ দিন৷ জীৱনৰ সর্বশ্রেষ্ঠ মুহূর্ত হিচাপে এই দিনটোক চিৰদিন কঢ়িয়াই লৈ ফুৰিম৷ শৃংখলাটোৰ সময়ছোৱাত দলীয় সতীর্থ আৰু ছাপ’ট ষ্টাফে মোক যি ধৰণে সহযোগিতা আগবঢ়ালে, তাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞ৷ তেওঁলোকে মোক সদায় সমর্থন জনাইছে আৰু বাৰম্বাৰ কৈ আহিছে যে মই এগৰাকী মেচ উইনাৰ আৰু দলক যিকোনো লক্ষ্যৰ দিশে লৈ যাব পাৰোঁ৷ মই প্রত্যেকদিনাই ভাৰতৰ হৈ মেচ জয়ৰ সপোন দেখো আৰু অৱশেষত এই সপোন বাস্তৱায়িত হ’ল৷’ ২২ বছৰীয়া পণ্টে এইদৰে কয়৷ অধিনায়ক ৰাহানে আৰু অভিজ্ঞ বেটছমেন পূজাৰাৰ পৰামর্শ অনুসৰণ কৰি যথেষ্ট উপকৃত হোৱা বুলিও পণ্টে উল্লেখ কৰে৷

মন কৰিবলগীয়া যে অষ্ট্রেলিয়া ভ্রমণত ভাৰতীয় এদিনীয়া আৰু টি–২০ দলৰ পৰা বাদ পৰা উইকেটৰক্ষক বেটছমেনগৰাকীয়ে ছিডনী টেষ্টতো ৯৭ ৰানৰ আকর্ষণীয় ইনিংছেৰে মেচৰ গতি সলনি কৰিছিল৷

You might also like