নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ শংকা–উৎকণ্ঠাৰ অৱসান ঘটাই আজি আমেৰিকা যুক্তৰাষ্ট্রৰ ৪৬সংখ্যক ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰিব জ’ বাইডেনে৷ মার্কিন কংগ্রেছে আনুষ্ঠানিকভাৱে ৰাষ্ট্রপতি হিচাপে জ’ বাইডেনক ঘোষণা কৰাৰ সময়ত যোৱা ৬ জানুৱাৰীত বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সমর্থকে কেপিটল হিলত আক্রমণ কৰাৰ পাছত বাইডেনে ৰাষ্ট্রপতি হিচাপে শপতগ্রহণক লৈ শংকাৰ পৰিৱেশ সৃষ্টি হৈছিল যদিও পিছলৈ ৪৫সংখ্যক ৰাষ্ট্রপতি হিচাপে ট্রাম্পে অনিচ্ছা সত্ত্বেও পৰাজয় স্বীকাৰ কৰা ডেম’ক্রেট বাইডেনৰ শপতগ্রহণৰ পথ প্রশস্ত হয়৷ বিশ্বজুৰি ৰাষ্ট্রপতি নির্বাচনক লৈ বিতর্ক আৰু চর্চাৰ অন্তত সবাতোকৈ পুৰণি গণতান্ত্রিক দেশ আমেৰিকা যুক্তৰাষ্ট্রৰ ৪৬সংখ্যক ৰাষ্ট্রপতি হিচাপে বাইডেনক শপত বাক্য পাঠ কৰাব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জয় ৰবার্টছে৷
ইপিনে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রথম মহিলা উপ–ৰাষ্ট্রপতি হিচাপে নির্বাচিত ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছক ৪৬সংখ্যক উপ–ৰাষ্ট্রপতিৰ শপতবাক্য পাঠ কৰাব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ছোনীয়া চ’টোমেয়ৰে৷ ৰাষ্ট্রপতিৰ শপতগ্রহণ কার্যসূচীত ট্রাম্পৰ সমর্থকে অঘটন ঘটাব পাৰে বুলি ইতিমধ্যে কেপিটল হিলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ ইউ এছ কেপিটলৰ ৱেষ্ট ফ্রণ্টত কঠোৰ নিৰাপত্তাৰ মাজত আজি পুৱা ভাৰতীয় সময় মতে, ১০.৩০ বজাত ৰাষ্ট্রপতি আৰু উপ–ৰাষ্ট্রপতিৰ শপতবাক্য পাঠ কৰোৱা হ’ব৷ শপতগ্রহণৰ কার্যসূচীৰ আঁত ধৰিব অধিবক্তা তথা বঁটা বিজয়ী বিনোদনকাৰী কে কে পালমাৰে৷ ৰাষ্ট্রপতিৰ শপতগ্রহণ কার্যসূচী দেশখনৰ ৰাষ্ট্রীয় সংগীতেৰে পুৱা ১০ বজাত আৰম্ভ কৰা হ’ব৷ প্রথমতে উপ–ৰাষ্ট্রপতি নির্বাচিত কমলা হেৰিছক শপতবাক্য পাঠ কৰোৱাৰ পাছত ১০.৩০ বজাত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জন ৰবার্টে বাইডেনক শপতবাক্য পাঠ কৰোৱাব৷ দেশৰ সকলো সংবাদ মাধ্যমত এই শপতগ্রহণ কার্যসূচীৰ পোনপটীয়া প্রচাৰ কৰাৰ লগতে ইউটিউব, ফেচবুক আৰু টুইটাৰতো উপলব্ধ হ’ব৷ শপতগ্রহণ কৰাৰ পাছতে ৰাষ্ট্রপতি বাইডেনে উদ্বোধনী ভাষণ দিব৷