নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটৰ পেট্ৰ’ল ডিপোত ডকাইতি; লুটি নিলে ২ লাখ টকা

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ গোলাঘাটৰ দহমাইলত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ।

নম্বৰ প্লেট বিহীন ২ খন বাইকেৰে অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে পেট্ৰ’ল ডিপোৰ কৰ্মচাৰীক পিষ্টল দেখুৱাই কাঢ়ি নিয়ে দুই লাখতকৈও অধিক টকা ।

উল্লেখ্য যে বাইকেৰে অহা দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে তেল ভৰোৱাৰ চলেৰে কৰ্মচাৰীকেইজনৰ পৰা ফোন আৰু লকাৰৰ চাবি কাঢ়ি নিয়ে আৰু তাৰ পিছতেই সমস্ত ধন লৈ উধাও হয় ।

এই ঘটনাৰ পিছতেই এতিয়া সমগ্ৰ গোলাঘাটতে চাঞ্চল্য বিৰাজ কৰিছে । বিশেষকৈ ‘কা’ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে পেট্ৰ’ল ডিপোত ডকাইতি হোৱাক কেন্দ্ৰ কৰি নিৰাপত্তাৰ দিশটোক লৈ বহুলোকে প্ৰশ্ন উত্থাপন কৰিছে ।

You might also like