ঢেকিয়াজুলিত বন্যহস্তীৰ সন্ত্রাস; ভাঙি লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা শতাধিক বন্যহস্তীৰ এটা জাকে আজি পুৱাই শোণিতপুৰৰ ঢেকিয়াজুলিৰ তিনখৰিয়া চাহ বাগিছা অঞ্চলৰ বৰপুখুৰীত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে ।
অৱশ্যে বন্যহস্তীৰ সন্ত্রাসৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাটাও পৰিয়াল ৷
উল্লেখ্য যে বন্যহস্তীৰ জাকটোৱে বৃহস্পতিবাৰে পুৱতি নিশা সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা হুগ্ৰাজুলী হৈ ওলাই আহি ঢেকিয়াজুলিৰ তিনখৰিয়া চাহ বাগিছা সংলগ্ন গাওঁ বৰপুখুৰীৰ ৰাধেশ্যাম চৰকাৰ, লক্ষী ৰাজপুত, মানসী তাঁতিৰ ঘৰ ভাঙি ছিঙি লণ্ড ভণ্ড কৰাৰ লগতে পাকঘৰৰ সকলো আচবাবৰ লগতে মূল গৃহ ভাঙি চিঙি একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰে ৷
আনহাতে বন্যহস্তীৰ জাকটোৱে ২ নং সন্মিলন গাঁৱৰ আজিবুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহও ভাঙি চিঙি পাৰ হৈ যায় ৷
কণ কণ পোৱালি সহ শতাধিক বন্যহস্তীৰ জাকটোৱে ধীৰাই চাহ বাগিছাত বিচৰণ কৰি আছে ।
ঘটনাস্থলীত ঢেকিয়াজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ লগতে আৰক্ষী তথা ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়া(সংলগ্ন)কমলজ্যোতি বৰা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে যদিও হাতীৰ জাকটো এই পৰ্যন্ত খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই ৷