গোৰেশ্বৰতো ৭২ সংখ্যক গণৰাজ্য দিৱস পালন
নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে বাক্সাৰ গোৰেশ্বৰতো আজি ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় প্ৰাংগনত দিনযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপিত হোৱা কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকাই। ইয়াৰ পিছতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে দেশপ্ৰেমমুলক সংগীতানুষ্ঠান।
এই অনুষ্ঠানতে ৰাজ্যিক বটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গোলাপলতা গোস্বামী, ৰাজ্যিক বটাপ্ৰাপ্ত নাগাৰা নামৰ শিল্পী মেদিনী মোহন নাথকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায় চক্ৰ বিষয়া গৰাকীয়ে।
উল্লেখ্য যে, গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া বাবুল চহৰীয়া আৰু গোৰেশ্বৰ ৰাজহ চক্ৰৰ সংলগ্ন ৰাজহ চক্ৰ বিয়ষা আনন্দিতা ব্ৰহ্ম উপস্থিত থাকে।