ভাষাবিদ-সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ বিশিষ্ট ভাষাবিদ-সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ দেহাৱসান। দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত মঙলবাৰে ৭৯ বছৰ বয়সত হাতীগাঁৱৰ লখিমীনগৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ড০ ৰমেশ পাঠকে। দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাত ভুগি আছিল ড০ পাঠক।
বিশিষ্ট ভাষাবিদ-সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
মন্ত্ৰী ড০ শৰ্মাই শোক প্ৰকাশ কৰি লিখিছে, “বিশিষ্ট সাহিত্যিক,গৱেষক পণ্ডিত ড· ৰমেশ পাঠকদেৱৰ বিয়োগত শোকাহত হৈছো৷ভাষা-সাহিত্যৰ গৱেষণা তথা চৰ্চাৰে তেওঁ যি অমূল্য অৱদান আগবঢ়াই গৈছে সেয়া সদায়েই স্মৰণীয় হৈ থাকিব৷পাঠকদেৱৰ বিয়োগ অপূৰণীয় ক্ষতি৷তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছোঁ৷”
বিশিষ্ট সাহিত্যিক,গৱেষক পণ্ডিত ড· ৰমেশ পাঠকদেৱৰ বিয়োগত শোকাহত হৈছো৷ভাষা-সাহিত্যৰ গৱেষণা তথা চৰ্চাৰে তেওঁ যি অমূল্য অৱদান আগবঢ়াই গৈছে সেয়া সদায়েই স্মৰণীয় হৈ থাকিব৷পাঠকদেৱৰ বিয়োগ অপূৰণীয় ক্ষতি৷তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছোঁ৷ pic.twitter.com/SSm5l8RfxG
— Himanta Biswa Sarma (@himantabiswa) January 26, 2021