নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত বৰদিনক আদৰাৰ ব্যাপক প্রস্তুতি

‘কা’বিৰোধী আন্দোলনৰ শ্বহীদলৈ সন্মান জনাই কেৰলৰ অনুষ্ঠান প্রত্যাহাৰ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ সর্বত্র নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদৰ জুই জ্বলি থকাৰ মাজতে পদূলি পালেহি বৰদিন ৷ ‘কা’ বিৰোধী আন্দোলনৰ মাজত খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে হেঁপাহৰ বৰদিনক আদৰিবলৈ ব্যাপক প্রস্তুতি চলাইছে ৷ বৰদিন উপলক্ষে পাণবজাৰস্থিত ঐতিহ্যমণ্ডিত খ্রীষ্ট চার্চ আৰু ডনবস্ক’ চৌহদত থকা চার্চৰ লগতে ফাঁচী বজাৰস্থিত ব্যাপ্তিষ্ট চার্চত বৰদিনৰ ব্যাপক প্রস্তুতি চলিছে ৷ বৰদিন উপলক্ষে খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে গির্জা ঘৰ ন–ৰূপত সজাই–পৰাই তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে ৷ বিশ্ব শান্তিৰ কামনাৰে বৰদিনৰ সমূহীয়াভাৱে প্রার্থনা কেৰলৰ ধ্বনিৰে ভগৱান যীশুখ্রীষ্টক প্রার্থনা জনাবলৈ ইতিমধ্যে খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে প্রস্তুতি প্রায় সম্পন্ন কৰি তুলিছে ৷

পাণবজাৰস্থিত গির্জাত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে আয়োজকসকলে ৷ ইপিনে, ব্যাপ্ঢিষ্ট চার্চত এইবেলি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ আন্দোলনত শ্বহীদ হোৱাসকলৰ প্রতি সন্মান জনাই কেৰলৰ অনুষ্ঠান প্রত্যাহাৰ কৰা বুলি পালক আজিজুল হকে জানিবলৈ দিছে ৷ ঘৰে ঘৰে অনুষ্ঠিত হোৱা কেৰলৰ অনুষ্ঠান প্রত্যাহাৰ কৰি এইবাৰ কেৱল প্রার্থনাৰ জৰিয়তে বৰদিন পালনৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলি পালকসকলে জানিবলৈ দিছে ৷ অৱশ্যে পাণবজাৰস্থিত ডনবস্ক’ চার্চৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰিছে সেই সন্দর্ভত তেওঁ অৱগত নহয় বুলি অৱগত কৰিছে ৷ বৰদিন উপলক্ষে অহা ২৪ ডিচেম্বৰৰ সন্ধিয়া ব্যাপ্তিষ্ট চার্চত সমূহীয়া প্রার্থনা কৰাৰ লগতে ২৫ ডিচেম্বৰত পুৱা আৰু সন্ধিয়া বিশেষ প্রার্থনাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ইপিনে, আজি বৰদিন উপলক্ষে ব্যাপ্তিষ্ট চার্চৰ তৰফৰ পৰা গুৱাহাটী কেন্দ্রীয় কাৰাগাৰ পৰিদর্শন কৰি কয়দীসকলৰ মাজত ফলমূল বিতৰণ কৰা বুলিও পালকগৰাকীয়ে জানিবলৈ দিছে ৷

উল্লেখ্য যে পাণবজাৰস্থিত ঐতিহ্যমণ্ডিত গির্জাত প্রতিবছৰে আয়োজিত বৰদিনৰ অনুষ্ঠানত জাতি–ধর্ম নির্বিশেষে সকলো লোকে অংশগ্রহণ কৰি বিশ্ব শান্তিৰ বাবে সমৱেত হৈ প্রার্থনা কৰি বিশ্ব শান্তি কামনা কৰে ৷ ইপিনে, বৰদিন উপলক্ষে মহানগৰীৰ বজাৰত খ্রীষ্টমাছৰ বিভিন্ন সামগ্রীৰে ভৰি পৰিছে ৷ ছাণ্টা ক্ল’জ, খ্রীষ্টমাছ টুপী আৰু অন্যান্য সামগ্রী ক্রয় কৰিবলৈ মহানগৰীৰ বজাৰত গ্রাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ অনান্য বছৰৰ তুলনাত এইবেলি ‘কা’বিৰোধী আন্দোলনৰ প্রভাৱৰ বাবে বজাৰত গ্রাহক সকলৰ আগমন হ্রাস পাৱা বুলি একাংশ ব্যৱসায়ীয়ে মত ব্যক্ত কৰে ৷ অৱশ্যে বৰদিনলৈ মাজত কেইবাটাও দিন বাকী আছে যদিও দুই–এদিনত বিক্রীৰ পৰিমাণ বৃদ্ধি পাব বুলি ব্যৱসায়ীসকলে জানিবলৈ দিছে ৷ বৰদিনৰ দিন চমু চাপি অহাৰ সময়তে খ্রীষ্টান ধর্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উছাহ–উদ্দীপনা বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

You might also like