জুলাই পর্যন্ত বলৱৎ নহয় নাগৰিকত্ব সংশোধনী আইন
বিধি–নিয়ম প্রস্তুতৰ সময় ৯ জুলাইলৈ বৃদ্ধিঃঅসম–পশ্চিমবংগৰ নির্বাচনত ইছ্যু নহয় ‘কাঃ ‘কা’ক লৈ আক্রমণাত্মক হ’ব নোৱাৰিব বিৰোধীও
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ জুলাইৰ পূর্বে নাগৰিকত্ব সংশোধনী আইন (কা) কার্যকৰী হোৱাৰ কোনো সম্ভাৱনাই নাই৷ অসম–পশ্চিমবংগৰ বিধানসভা নির্বাচনৰ পিছতহে এই বিতর্কিত আইনখন বলৱৎ হ’ব৷ মঙলবাৰে লোকসভাত কেন্দ্রীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে এই কথা প্রকাশ কৰে৷ সদনৰ প্রশ্ণোত্তৰ কালত প্রদান কৰা এক বিবৃতিত ৰায়ে প্রকাশ কৰা মতে, নাগৰিকত্ব সংশোধনী আইনৰ বিধি–নিয়ম এতিয়াও প্রস্তুত কৰি থকা হৈছে৷ তেওঁ জনোৱা মতে, নাগৰিকত্ব সংশোধনী আইনৰ বিধি–নিয়ম প্রস্তুত কৰাৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ ছাব–র্ডিনেট লেজিচলেচন কমিটীৰ অনুমোদন বাঞ্ছনীয়৷ এইক্ষেত্রত লোকসভাৰ ছাব–র্ডিনেট লেজিচলেচন কমিটীয়ে চলিত বছৰৰ ৯ এপ্রিললৈকে বিধি–নিয়ম প্রস্তুত কৰাৰ সময়সীমা বৃদ্ধি কৰিবলৈ অনুমোদন দিছে৷ আনহাতে ৰাজ্যসভাৰ ছাব–র্ডিনেট লেজিচলেচন কমিটীয়ে সময়সীমা বৃদ্ধি কৰিছে ৯ জুলাইলৈকে৷ অর্থাৎ জুলাই মাহৰ পূর্বে নাগৰিকত্ব সংশোধনী আইনৰ বিধি–নিয়ম প্রস্তুত হোৱাৰ আৰু কোনো সম্ভাৱনা নাই৷ অর্থাৎ জুলাইৰ পূর্বে ‘কা’ বলৱৎ নহয়৷ এনে পৰিস্থিতিত আগন্তুক বিধানসভা নির্বাচনত বিজেপি বা আন দলৰ বাবে নাগৰিকত্ব সংশোধনী আইন ইছ্যু হ’ব নোৱাৰে৷ সেইদৰে ‘কা’ক লৈ দেখা দিয়া এই অনিশ্চয়তাৰ বাবে বিৰোধীৰ বাবে ‘কা’ৰ বিৰুদ্ধে অতি আক্রমণাত্মক হৈ উঠাটো এতিয়া সম্ভৱ নহ’ব৷ অসমৰ লগতে চুবৰীয়া পশ্চিমবংগৰ ৰাজনীতিতো এই সিদ্ধান্তৰ ৰাজ্যমন্ত্রীজনে প্রদান কৰা বিবৃতিৰ প্রভাৱ পৰাটো নিশ্চিত৷
কেৰালাৰ কংগ্রছ সাংসদ ভি কে শ্রীকান্দনে উত্থাপন কৰা প্রশ্ণৰ উত্তৰত মন্ত্রী ৰায়ে লগতে স্পষ্ট কৰি দিয়ে যে ৰাজপত্রিত জাননীৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইনে ২০১৯ চনৰ ১২ ডিচেম্বৰত আইনৰ মর্যাদা লাভ কৰিছে তথা ২০২০ চনৰ ১০ জানুৱাৰীৰ পৰা এই আইন বলৱৎ কৰা হৈছে৷ কিন্তু এখন আইনৰ বিধি–নিয়ম প্রস্তুত নকৰালৈকে আইনখনৰ কার্যনির্বাহী (এগ্জিকিউটিভ) ক্ষমতা নাথাকে৷ ইপিনে কেন্দ্রীয় গৃহ বিভাগৰ এটা সূত্রই অলপতে স্পষ্ট কৰি দিছে যে ৰাজনৈতিক কাৰণতেই নাগৰিকত্ব সংশোধনী বিধেয়কখন নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে কার্যকৰী কৰিব বিচৰা নাই৷ এইক্ষেত্রত অসমৰ বিধানসভা নির্বাচন আইনখন কার্যকৰী কৰাৰ ক্ষেত্রত হেঙাৰ হৈ পৰিছে৷ পশ্চিমবংগতো এই আইনখনৰ জৰিয়তে বিজেপিয়ে খুব বেছি সুবিধা কৰিব নোৱাৰে বুলি দলটোৱে উপলব্ধি কৰিব পাৰিছে৷ সেয়েহে অসমত নির্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছতহে বিজেপি চৰকাৰে দেশজুৰি ‘কা’ বলৱৎ কৰিব পাৰে বুলি এতিয়া ধাৰণা কৰা হৈছে৷
ইপিনে কেন্দ্রীয় চৰকাৰে অসমত খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ সুনিশ্চিত কৰিবলৈ অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ বাবে যি কমিটী গঠন কৰিছিল তাৰ প্রতিবেদন সন্দর্ভত কংগ্রেছৰ সাংসদ প্রদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকে আজি লোকসভাত প্রশ্ণৰ অৱতাৰণা কৰে৷ সাংসদদ্বয়ৰ প্রশ্ণ– কেন্দ্রীয় গৃহ মন্ত্রালয়ে গঠন কৰা কমিটীয়ে কেনেকৈ ৰাজ্যৰ মুখ্যমন্ত্রীক প্রতিবেদন দাখিল কৰিব পাৰে? গৃহ বিভাগৰ আন এগৰাকী ৰাজ্যমন্ত্রী জি কিষাণ ৰেড্ডীয়ে সাংসদদ্বয়ৰ এই প্রশ্ণৰ উত্তৰ এৰাই চলা পৰিলক্ষিত হয়৷ সদনত প্রদান কৰা লিখিত বিবৃতিত তেওঁ কেৱল ষষ্ঠ দফা ৰূপায়ণ কমিটীয়ে ৰাজ্য চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰাৰ কথা স্বীকাৰ কৰি কমিটীৰ পৰামর্শাৱলী ৰাজ্য চৰকাৰে পৰীক্ষা কৰি থকাৰ কথা ব্যক্ত কৰে৷ ৰাজ্য চৰকাৰে জনোৱা মতে কমিটীয়ে মুঠ ৩৬খন বৈঠকত মিলিত হৈছে বুলি ৰেড্ডীয়ে সদনক অৱগত কৰে৷