নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত সেনাৰ অভ্যুত্থানক লৈ ক্ষুব্ধ বাইডেন

ম্যানমাৰৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞাৰ হুংকাৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্রুৱাৰীঃ ম্যানমাৰত অভ্যুত্থানৰ জৰিয়তে সেনাই পুনৰ ক্ষমতা দখল কৰাৰ পিছতেই বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ দেশখনৰ নেত্রী আং ছান ছ্যু কী তথা তেওঁৰ সহযোগী সাংসদসকলক শীঘ্রে মুক্তি দিবলৈ ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে দাবী জনাইছে৷

ছ্যু কীৰ দল নেচনেল লীগ ফ’ৰ ডেম’ক্রেচী (এনএলডি)য়ে যোৱা নৱেম্বৰত অনুষ্ঠিত সংসদীয় নির্বাচনত ৮০ শতাংশতকৈ অধিক ভোট লাভ কৰি অভূতপূর্ব বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল৷ সেনা সমর্থিত বিৰোধী দলৰ শোচনীয় পৰাজয়ৰ পিছতে নির্বাচনত ব্যাপক অনিয়ম আৰু প্রৱঞ্চনাৰ আশ্রয় লোৱা বুলি এন এল ডিৰ বিৰুদ্ধে অভিযোগ আনিছিল সামৰিক বাহিনীয়ে৷

কালি হঠাতে সেনাই ছ্যু কী আৰু এন এল ডিৰ সাংসদসকলক গ্রেপ্তাৰ কৰি দেশখনৰ ক্ষমতা হস্তগত কৰে৷ এই ঘটনাক গৰিহণা দিছে সমগ্র বিশ্বৰ গণতন্ত্রৰ সপক্ষত থকা জনসাধাৰণে৷ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে হুংকাৰ দিছে যে শীঘ্রে এন এল ডিৰ হাতলৈ সেনাই ক্ষমতা হস্তান্তৰ নকৰিলে দেশখনৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ব৷

ম্যানমাৰৰ জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে দেশখনৰ সেনাই স্বৈৰতন্ত্র প্রতিষ্ঠা কৰিব নোৱাৰে বুলিও হুংকাৰ দিছে জ’ বাইডেনে৷ ইফালে, পুনৰ সেনাৰ হাতলৈ ম্যানমাৰৰ ক্ষমতা যোৱাৰ পিছতে দেশখন ভ্রমণৰ পৰা বিৰত থাকিবলৈ ভাৰত চৰকাৰে নাগৰিকসকলক আহ্বান জনাইছে৷

ম্যানমাৰত সেনাৰ অভ্যুত্থানে দেশখনৰ অর্থনীতিলৈও ভয়াৱহ বিপর্যয় কঢ়িয়াই অনাৰ ইংগিত দিছে৷ বাণিজ্যিক বিশ্লেষক তথা অর্থনীতিবিদসকলে ভৱিষ্যতবাণী কৰিছে যে এই অভ্যুত্থানে ম্যানমাৰৰ অর্থনীতিলৈ কঢ়িয়াই আনিব বিপর্যয়৷ ইতিমধ্যে বহু কোম্পানীত বিনিয়োগ হোৱা বিদেশী পুঁজিৰ প্রতি নামি আহিছে আশংকা৷

You might also like