দক্ষিণ ত্রিপুৰা সীমান্তত বিএছএফক দুর্বৃত্তৰ আক্রমণ, নিহত ১
নিয়মীয়া বাৰ্তা, ৩ ফেব্রুৱাৰীঃ দক্ষিণ ত্রিপুৰাৰ বাংলাদেশ সীমান্তত অপৰাধী চক্রই কর্তব্যৰত বি এছ এফৰ জোৱানক আক্রমণ কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ দুই দেশৰ সীমান্তৰ কাঁটা তাঁৰৰ বেৰ নষ্ট কৰি থকা সাত–আঠজনীয়া দুর্বৃত্তৰ দলক দেখাৰ পিছতে বি এছ এফে এই কার্যত বাধা প্রদান কৰিবলৈ চেষ্টা চলায়৷
তেতিয়াই বি এছ এফৰ ওপৰত দা আৰু লাঠীৰে আক্রমণ কৰে দুর্বৃত্তৰ দলটোৱে৷ এই ঘটনাত এজন জোৱান গুৰুতৰভাৱে আহত হয়৷ ঘটনাস্থলীত বহু লোকৰ সমাগম হোৱাত বি এছ এফে আত্মৰক্ষাৰ বাবে পেলেট গানেৰে গুলীচালনা কৰে৷ এই ঘটনাত আহত এটা দুর্বৃত্তৰ হাস্পতালত মৃত্যু হয়৷ দক্ষিণ ত্রিপুৰা জিলাৰ বেল’নিয়া অঞ্চলত সংঘটিত হৈছে এই আক্রমণৰ ঘটনা৷