নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক আন্দোলনক লৈ পপ ষ্টাৰ ৰিহানা, পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গৰ টুইট

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ দেশত চলি থকা কৃষক আন্দোলনে চুলে বিশ্বৰ জনপ্ৰিয় শিল্পী, সমাজকৰ্মীৰ অন্তৰ।

আমেৰিকাৰ বিখ্যাত গায়িকা পপ ষ্টাৰ ৰিহানাই টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষক আন্দোলনক লৈ। টুইটত গায়িকাগৰাকীয়ে লিখে- ‘আচলতে আমি কিয় এই বিষয়ত কথা নাপাতো?’

ৰিহানাৰ লগতে জনপ্ৰিয় পৰিৱেশ কৰ্মী তথা নোবেল বঁটাৰ বাবে মনোনীত ছুইডেনৰ গ্ৰেটা থুনবাৰ্গেও সমৰ্থন ব্যক্ত কৰে কৃষক আন্দোলনলৈ। থুনবাৰ্গে টুইটযোগে লিখে- ‘আমি ভাৰতৰ কৃষক আন্দোলনৰ সৈতে এক হৈ আছোঁ।’

ইয়াৰ লগতে আমেৰিকাৰ মডেল আমাণ্ডা চেৰ্নী, কানাডিয়ান ইউটিউবাৰ লিলি সিং, আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ভতিজা মীনা হেৰিছেও এই আন্দোলনৰ সমৰ্থনত টুইট কৰা দেখা গৈছে।

উল্লেখ্য যে ৰিহানা আৰু থুনবাৰ্গৰ মন্তব্যক লৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে কৃষক আন্দোলন সন্দৰ্ভত টুইট কৰা আন্তৰ্জাতিক ব্যক্তিসকলে বিষয়টোৰ বিষয়ে অৱগত নহয়।

লগতে পঢ়কঃ কৃষক আন্দোলনঃ আমেৰিকান পপ ষ্টাৰ ৰিহানাৰে টক্কৰ কংগনা ৰানাৱটৰ

You might also like