নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বছৰটোৰ আটাইতকৈ চুটি দিন; আপুনি জানেনে ?

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ দৈনিক ব্যস্ততাৰ বাবে আমি পাহৰি যাওঁ কিছুমান বিশেষ দিন অথবা বিশেষ কিছু সময়ৰ কথা । তেনে এক দিন হৈছে ২২ ডিচেম্বৰ । কাৰণ আজি বছৰটোৰ ভিতৰতে আটাইতকৈ চুটি দিন ।

কিন্তু আপুনি জানেনে আজিৰ দিনটো কিয় বছৰটোৰ ভিতৰতে আটাইতকৈ চুটি দিন ?

কাৰণ আজিৰ দিনটো অৰ্থাৎ ২২ ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি মকৰক্ৰান্তিত লম্বভাৱে পৰে । যাৰ বাবে দক্ষিণ গোলাৰ্ধত এই সময়ত গ্ৰীষ্ম ঋতু হয় আৰু ইয়াত এই দিনটোত দীঘল-ৰাতি চুটি হয় ।

ইয়াৰ বিপৰীতে উত্তৰ গোলাৰ্ধত এই সময়ত সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে । যাৰ বাবে এই দিনটোত দিন চুটি আৰু ৰাতি দীঘল হয় । লগতে এই সময়ত শীতকাল হৈ থাকে ।

You might also like