জন্মদিৱসত শ্ৰদ্ধাৰে সোঁৱৰিলে শ্বহীদ কনকলতা বৰুৱাক
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ৪২ ৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱাক তেওঁৰ জন্ম তিথিত আজি ৰাজ্যজুৰি স্মৰণ কৰা হয় ।
শ্বহীদ কনকলতা বৰুৱাৰ জন্ম হৈছিল ১৯২৪ চনৰ ২২ ডিচেম্বৰত অবিভক্ত দৰং জিলাৰ (শোণিতপুৰ) বৰঙাবাৰীত ।
উল্লেখ্য যে ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত অসমৰ জীয়ৰী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে গহপুৰ থানাত বৃটিছৰ পতাকা নমাই, ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ আৰক্ষীৰ গুলীত মৃত্যুবৰণ কৰি শ্বহীদ হয়।
শ্বহীদ কনকলতা বৰুৱা হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ ।
কনকলতাৰ দুর্বাৰ সাহস,মনোবল আৰু গভীৰ দেশপ্ৰেমৰ আদর্শই আজিও অসমবাসীৰ হৃদয়ত কনকলতাৰ নাম যুগমীয়া কৰি ৰাখিছে।