নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ বছৰে উলুবাৰীত পচিছে লাখ লাখ টকাৰ ট্রেক্টৰ–পাৱাৰ টিলাৰ

মহানগৰীৰ মাজমজিয়াত উন্মোচিত কৃষি বিভাগৰ চৰম ব্যর্থতা

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ কৃষকৰ কল্যাণার্থে বছৰ বছৰ ধৰি ৰাজ্য চৰকাৰে ৰাজকোষৰ লাখ লাখ টকা ব্যয় সাপেক্ষে এখনৰ পাছত আনখন আঁচনি গ্রহণ কৰি আহিছে যদিও অধিকাংশ চৰকাৰী আঁচনিৰ সফল ৰূপায়ণত চূড়ান্ত ব্যর্থ হৈছে বিয়াগোম কৃষি বিভাগ৷ অত্যাধুনিক কৃষি সঁজুলি ব্যৱহাৰৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ উপৰি ৰাজ্যৰ কৃষিখণ্ডক বিশেষ মাত্রা দিয়াৰ বাবে যি সময়ত বিভাগে অভিলাষী আঁচনি গ্রহণ কৰিছে, সেই সময়তে মহানগৰীৰ উলুবাৰীস্থিত কৃষি বিভাগৰ কার্যবাহী অভিযন্তাৰ কার্যালয়ত পৰিত্যক্ত অৱস্থাত পৰি আছে বৃহৎ পৰিমাণৰ কৃষি সঁজুলি৷ মহানগৰীৰ উলুবাৰীস্থিত কৃষি বিভাগৰ কামৰূপ সংমণ্ডলৰ কার্যবাহী অভিযন্তাৰ কার্যালয়ৰ ভিতৰত বিগত ১৫ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে অর্ধশতাধিক অত্যাধুনিক ট্রেক্টৰ আৰু পাৱাৰ টিলাৰ৷ ৰাজ্যৰ কৃষকৰ উন্নয়নৰ বাবে ৰাজকোষৰ লাখ লাখ টকা ব্যয় সাপেক্ষে আশীৰ দশকত ক্রয় কৰা এই ট্রেক্টৰ আৰু পাৱাৰ টিলাৰসমূহ দীর্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত পৰি থকাৰ ফলত বিকল হৈ পৰিছে৷ বছৰ বছৰ ধৰি কার্যালয়ৰ ভিতৰত পৰি থকা ট্রেক্টৰ আৰু পাৱাৰ টিলাৰসমূহ মামৰে ধৰাত ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷

কিন্তু ৰাজকোষৰ লাখ লাখ টকা ব্যয় কৰি ক্রয় কৰা এই মূল্যৱান কৃষি সঁজুলিসমূহ বছৰৰ পাছত বছৰ কার্যবাহী অভিযন্তাৰ কার্যালয়ত পৰি থকাৰ পাছতো কৃষি বিভাগে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ কার্যবাহী অভিযন্তাৰ কার্যালয়ৰ এক বিশেষ সূত্রই জনোৱা মতে, আশীৰ দশকত অসম চৰকাৰৰ কৃষি বিভাগে ১৫খন ট্রেক্টৰ আৰু প্রায় ২৫খন পাৱাৰ টিলাৰ ক্রয় কৰিছিল৷ কৃষি বিভাগে ক্রয় কৰা এই ট্রেক্টৰ আৰু পাৱাৰ টিলাৰসমূহ আৰম্ভণিতে কৃষকসকলক ভাৰাত দিয়া হৈছিল বুলি কার্যবাহী অভিযন্তাৰ কার্যালয়ৰ বিশেষ সূত্রই জানিবলৈ দিয়ে৷ অৱশ্যে সেই সময়ত কৃষিকার্যত অত্যাধুনিক সঁজুলিৰ ব্যৱহাৰ সীমিত আছিল বাবে এই ট্রেক্টৰ আৰু পাৱাৰ টিলাৰকেইখন কার্যালয়ত ৰখা হৈছিল৷ পৰৱর্তী সময়ত কৃষিকার্যত অত্যাধুনিক সঁজুলিৰ ব্যৱহাৰ ক্রমাৎ বৃদ্ধি পোৱাত ৰাজ্যৰ কৃষি বিভাগে বিশেষ ৰেহাই মূল্যত ট্রেক্টৰ–পাৱাৰ টিলাৰ আৰু অন্যান্য কৃষি সঁজুলি যোগান ধৰাৰ বাবে ন ন আঁচনি গ্রহণ কৰে৷ অৱশ্যে ইয়াৰ মাজতে কৃষি বিভাগৰ উলুবাৰীস্থিত কার্যালয়ত ৰখা উক্ত ট্রেক্টৰ আৰু পাৱাৰ টিলাৰকেইখন মাজে–সময়তে কৃষকৰ কৃষিকার্যৰ বাবে ভাৰাত দিয়া হয় যদিও অধিকাংশ মেৰামতিৰ অভাৱত বিকল হৈ পৰাত যোৱা ২০০৬ চনৰ পৰা ট্রেক্টৰ আৰু পাৱাৰ টিলাৰকেইখন কার্যালয়ত পৰি আছে৷ মামৰে ধৰি নষ্ট হোৱা পাৱাৰ টিলাৰ আৰু ট্রেক্টৰকেইখন শেহতীয়াকৈ নিলামত দিয়াৰ বাবে কৃষি বিভাগে সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷ ইপিনে কার্যালয় চৌহদত প্রায় এবছৰ ধৰি কুৰিৰো অধিক চেল’ টিউবৱেল পৰি থকা পৰিলক্ষিত হৈছে৷ অৱশ্যে ক’ৰোনা মহামাৰীৰ বাবে এই টিউবৱেল হিতাধিকাৰীৰ মাজত বিতৰণ কৰাত বিলম্ব হোৱা বুলি কার্যবাহী অভিযন্তাৰ কার্যালয়ে জানিবলৈ দিছে৷

You might also like