নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপ নেতা অতুল বৰা সম্প্ৰতি অপ্ৰাংসগিক নেতাঃ শংকৰজ্যোতি বৰুৱা

দুলীয়াজানৰ ভাদৈত বিজ্ঞানসন্মত গাহৰি পালনৰ প্ৰকল্প উদ্বোধন আছুৰ সাঃ সম্পাদকৰ

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ ক্ৰমাৎ অগপ নেতা অতুল বৰা আৰু সদৌ অসম ছাত্ৰ সন্হাৰ মাজত যেন অহি-নকুলৰ সম্বন্ধই ৰূপ লৈছে। একালত ছাত্ৰ সন্হাৰ মজিয়াৰ পৰা আহি ৰাজনৈতিক বসন পিন্ধা অগপৰ সভাপতি তথা জ্যোষ্ঠ কেবিনেট মন্ত্ৰী, বিধায়ক অতুল বৰাই বিভিন্ন সময়ত ৰাজনৈতিক মতাদৰ্শৰ ভিত্তিত সদৌ অসম ছাত্ৰ সন্হাক তীৰ্যক মন্তব্যৰে সমালোচনা কৰি আহিছে । এই দন্দ-ভেদৰ সংক্ৰান্তত অগপ নেতা অতুল বৰাই কলিয়াবৰৰ এখন ৰাজনৈতিক সভাত ছাত্ৰ সংগঠনটোৰ বৰ্তমানৰ নেতৃত্বক আৰু সংগঠনটোক সমালোচনা কৰিবলৈ গৈ ভাষণ প্ৰসংগত উল্লেখ কৰিলে যে “ছাত্ৰ সন্হাই জাতীয় সংগঠনটোৰ কফিনত শেষৰটো গজাল মাৰিলে, আজিৰ নেতৃত্বই মাটিৰ দুই গজ তলত ছাত্ৰ সংগঠনটোক পুতি থলে, ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদী কন্ঠ এতিয়া মাটিৰ দুই গজ তলত । আছুৰ জাতীয় সত্তা এতিয়া কফিনৰ ভিতৰত ভূত-প্ৰেতাত্মালৈ ৰূপান্তৰিত হ’ল ।” এই সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰ হিচাপে আছুৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাইও অগপ নেতা অতুল বৰা বৰ্তমান প্ৰাসংগিক নহয় বুলি আজি উভতি ধৰে । দুলীয়াজানৰ ভাদৈ অঞ্চলত ছাত্ৰ সন্হাৰ অৰ্থনৈতিক সংগ্ৰামৰ অধীনত এক প্ৰকল্প উদ্বোধন কৰিবলৈ আহি সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত অগপ নেতাগৰাকীৰ সৈতে আছুৱে মুখ -চুপতি কৰি থাকিবলৈ সময় নাই বুলি মন্তব্য কৰে ।এই প্ৰসংগত শংকৰজ্যোতিয়ে কয়–অগপ নেতা অতুল বৰাই ছাত্ৰ সন্হাক সমালোছনা কৰিয়েই বৰ্তমান তাৰিখত প্ৰাসংগিক হৈ থাকিবলৈ বিছাৰিছে । এগৰাকী অপ্ৰাংসগিক নেতাৰ কথাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি থাকিবলৈ আছুৱে ইচ্ছা প্ৰকাশ নকৰে । আনফালে অগপ নেতাগৰাকীক সমালোচনাৰে কয় — বিজেপিৰ বোকোচাত উঠি ৰাজনৈতিক বৈতৰণী পাৰ কৰি মন্ত্ৰীত্বৰ গাদী দখলৰ যি সপোন দেখিছে তেনে ব্যক্তি আঞ্চলিকতাবাদী শিৱিৰতে প্ৰাসংগিক নহয় । এনেস্হলত হকে-বিহকে আছুক সমালোচনা কৰা লগতে যাৰ কেৱল দিছপুৰ-ক্ষমতা-মন্ত্ৰীত্বই শেষ আশা, তেওঁলোকে আঞ্চলিকতাবাদৰ কথা কোৱাটো অতি হাস্যকৰ ।

আনহাতে এনেসকল ব্যক্তিৰ বাবে ছাত্ৰ সন্হা বদনাম হৈছে আৰু সেইসকলে “ছাত্ৰ সন্হা কৰিছিলোঁ” বুলি কৈ থাকিলে আজিৰ প্ৰজন্মই লাজ পাই বুলি অতুল বৰাক কটাক্ষ কৰে ছাত্ৰ সন্হাৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই । এইক্ষেত্ৰত ছাত্ৰ সন্হাক গালি পাৰি প্ৰাসংগিক হৈ উঠাৰ কাম কাজ বন্ধ কৰিবলৈ অগপ নেতাগৰাকীক সকীয়াই দিয়াৰ লগতে বিজেপিৰ বোকোছাৰ পৰা নামি অকলেই ৰাজনৈতিক বৈতৰণী পাৰ কৰি আঞ্চলিকতাবাদী শক্তিক জীয়াই ৰাখিবলৈ অতুল বৰাক প্ৰত্যাহ্বান জনাই আছুৰ নেতা শংকৰজ্যোতি বৰুৱাই । আজি দুলীয়াজান সমষ্টিৰ ভাদৈ অঞ্চলৰ ২ নং বৰপথাৰত ছাত্ৰ কৰ্মী ৰূপাঞ্জীৎ ৰাজগিৰিৰ তত্বাৱধানত গঢ় লৈ উঠা বিজ্ঞানসন্মত গাহৰি পালনৰ থলুৱা প্ৰকল্পৰ শুভ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰে আছুৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই । এই প্ৰকল্প উদ্বোধন কৰি ছাত্ৰ নেতাগৰাকীয়ে কয় যে– ৰাজনৈতিক মেৰপেছৰ পৰা আঁতৰি ছাত্ৰ সন্হাই অৰ্থনৈতিক সংগ্ৰাম, শৈক্ষিক সংগ্ৰাম আৰু ৰাজপথৰ আন্দোলনক একেলগে আগবঢ়াই নিয়াৰ সংকল্প লৈ অৰ্থনৈতিক সংগ্ৰামৰ অংশস্বৰূপে ভাদৈ পাঁচআলিত বিজ্ঞানসন্মত গাহৰি পালনৰ প্ৰকল্পৰ লগতে ডিব্ৰুগড় জিলাত ইতিমধ্যে লেজাইত তাঁত- শালৰ প্ৰকল্প, মাইজানত বায়’ফ্লক পদ্ধতিৰে থলুৱা মৎস্য উৎপাদনৰ প্ৰকল্প শুভ উদ্বোধন কৰা হৈছে ।

এই প্ৰকল্পসমূহৰ জৰিয়তে বজাৰৰ চাহিদা পূৰণৰ ক্ষেত্ৰত সম্ভৱ হোৱাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলে অৰ্থনৈতিকভাৱে স্বাৱলম্বীতাৰ বাট বিচাৰি পাব । সেইদৰে অনাগত দিনতো অৰ্থনৈতিক বিপ্লৱৰ অধীনত আন কেইবাটাও প্ৰকল্পৰ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি উল্লেখ কৰে আছুৰ নেতাগৰাকীয়ে । ইফালে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত অৱশেষত মিত্ৰতাত মোহৰ লগাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত আছু নেতা শংকৰজ্যোতিয়ে কয় যে– ৰাজনৈতিক ক্ষেত্ৰখনত ই এক শুভবাৰ্তা । যিমানবিলাক আঞ্চলিক সমভাৱাপন্ন ৰাজনৈতিক শিৱিৰ আছে সকলো একেলগ হৈ অনাগত দিনত মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগে আৰু আঞ্চলিকতাবাদী ধ্বজাক উৰুৱাই ৰাখিবৰ বাবে সকলো আঞ্চলিক সমভাৱাপন্ন শক্তিক একত্ৰিত হৈ আগবাঢ়ি যাবলৈ আহ্বান জনাই আছুৰ নেতা শংকৰজ্যোতি বৰুৱাই ।

You might also like