নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ যোজনা বৈঠক

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ ব্ৰহ্মপুত্ৰৰ পাৰৰ বৃহত্তৰ দক্ষিণ কামৰূপৰ ইতিহাস প্ৰসিদ্ধ ছয়গাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৱৰ্ধন চ’ক ৰ পৌৰাণিক শ্রী শ্ৰী বিষ্ণু মন্দিৰৰ চৌহদত স্হানীয় ৰাইজৰ উপস্হিতিত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ যুৱশক্তি অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ত্ৰিনয়ন কোঁচৰ উদ্যোগত এখনি যোজনা বৈঠক অনুষ্ঠিত কৰা হয়।যোজনা বৈঠক ফাউণ্ডেশ্যনৰ উত্তৰ পূৱ ক্ষেত্ৰৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে ডাঙৰীয়া উপস্হিত থাকি উপস্হিত ৰাইজক ফাউণ্ডেশ্যনৰ লক্ষ্য উদ্দেশ্য আৰু কৰ্মসূচীৰ সম্পৰ্কে মাৰ্গদৰ্শন কৰে।

বৰ্তমান জনসংখ্যা বিস্ফোৰণৰ সমস্যা গুৰুত্ব বুজি স্থানীয় ৰাইজে আগ্ৰহেৰে এইক্ষেত্ৰত একত্ৰিত হৈ আগবাঢ়ি যোৱা সংকল্প গ্ৰহণ কৰে।সভাত উপস্হিত থাকি ছয়গাঁও সমষ্টিৰ সমাজ সেৱক তথা ভাজপা দলৰ ৰাজ্যিক নেতা হিতেশ কলিতা ডাঙৰীয়াই জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ বাবে সমাজৰ সকলো লোকে মাৰ বান্ধি একগোট হব লাগিব বুলি মত পোষণ কৰে ।এই বৈঠকতে ছয়গাঁওৰ বিশিষ্ট সংগঠক দ্বিজেন দাসক ছয়গাওঁ সমষ্টিৰ জনসংখ্যা সমাধান ফাউণ্ডেচনৰ সংযোজক দায়িত্ব প্ৰদান কৰা হয় ।

সভাত ফাউণ্ডেচনৰ যুৱ শক্তিৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ত্ৰিনয়ন কোঁচ এ মুখ্য বক্তাৰূপে বক্তব্য দাঙিধৰি কয় যে , “আমাৰ জন্মভূমিৰ জাতি, মাটি, ভেটি ৰক্ষা কৰিবলৈ দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন এই সময়ত অতি জৰুৰী আহ্বান আৰু দেশৰ এই জৰুৰী আহ্বানক সকলোৱে অন্তৰৰে গ্ৰহণ কৰি নিজকে প্ৰকৃত ৰাষ্ট্ৰবাদী ৰূপে আগুৱাই আহিলে আমাৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হব, নহলে আমি নিজৰ দেশতে ভগনীয়া হব লাগিব।”

You might also like