নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইৰ পৰা আৰম্ভ হ’ব গুৱাহাটী এইমছৰ নিৰ্মাণকাৰ্যঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ আজি ঢেকীয়াজুলিত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাই আগবঢ়োৱা ভাষণত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰে এক গুৰুত্বপূৰ্ণ ঘোষণা।

মন্ত্ৰীগৰাকীয়ে কৰা ঘোষণা অনুসৰি অহা জুলাই মাহৰ পৰা আৰম্ভ হ’ব অসমৰ চাংসাৰীত নিৰ্মাণ হ’বলগীয়া সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান চমুকৈ এইমছৰ নিৰ্মাণকাৰ্য। মন্ত্ৰীগৰাকীয়ে কয়- ‘আজি আমি গৌৰৱেৰে ক’ব পৰা হৈছোঁ যে আমি এতিয়া এইমছৰ বাবে দিল্লীলৈ যাব নালাগে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক চাংসাৰীত এইমছ দিলে। এই এইমছৰ কাম জুলাইৰ পৰা আৰম্ভ হ’বলৈ গৈ আছে।’

বিশাল জনসভাত প্ৰধানমন্ত্ৰী মোদীয়েও উল্লেখ কৰে এইমছৰ প্ৰসংগ। মোদীয়ে কয় যে অসমত স্থাপন হ’বলগীয়া এইমছে ৰাজ্যখনৰ মানুহ জীৱনলৈ গুণগত পৰিৱৰ্তন আনিব। অকল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূবো ইয়াৰ দ্বাৰা উপকৃত হ’ব। তেওঁ অৱশ্যে আজি ইমানদিনে কোনো এখন চৰকাৰে অসমত এইমছ স্থাপনৰ বিষয়টো চিন্তা নকৰাৰ বাবে আশ্চৰ্য প্ৰকাশ কৰে।

You might also like