নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ক’ভিড প্রতিষেধক প্রদান প্রক্রিয়া ক্ষিপ্রতৰ কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত ৰাজ্যসমূহক নির্দেশ দিছে কেন্দ্রীয় চৰকাৰে৷ কালি ৰাজ্যৰ সচিব আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ পৰিচালন সঞ্চালকৰ সৈতে হোৱা এখন পুনৰীক্ষণ বৈঠকত এই নির্দেশ দিছে কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে৷ এই বৈঠকখনত কেন্দ্রীয় স্বাস্থ্য সচিবজনে প্রতিখন ৰাজ্যৰ স্বাস্থ্যকর্মীসকলক অহা ২০ ফেব্রুৱাৰীৰ পূর্বে এবাৰ হ’লেও প্রতিষেধক প্রদানৰ তালিকাত সন্নিৱিষ্ট কৰিবলৈ নির্দেশ দিছে৷ তদুপৰি অহা ৬ মার্চৰ পূর্বে ফ্রণ্ট লাইন কর্মীসকলকো এটা হ’লেও ক’ভিড প্রতিষেধক ড’জ প্রদান কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত ৰাজ্যসমূহক তেওঁ নির্দেশ দিয়ে৷
উল্লেখ্য যে দেশত মুঠ ৫২,৬৬,১৭৫ স্বাস্থ্যকর্মী আৰু ৩,৭০,৬৯৩ ফ্রণ্ট লাইন কর্মচাৰীক ইতিমধ্যে প্রতিষেধক প্রদান কৰা হৈছে৷ যোৱা দুই ফেব্রুৱাৰীৰ পৰা সমগ্র দেশজুৰি ক’ভিডৰ প্রতিষেধক প্রদান প্রক্রিয়া আৰম্ভ কৰা হৈছিল৷ প্রতিষেধক প্রদানৰ প্রথম পর্যায়ত স্বাস্থ্যকর্মী আৰু ফ্রণ্ট লাইন কর্মীসকলক সামৰি লোৱা হ’ব বুলিও কেন্দ্রীয় চৰকাৰে প্রকাশ কৰিছে৷ কালি সন্ধিয়া পর্যন্ত স্বাস্থ্যকর্মীসকলৰ ভিতৰত প্রায় ৫৫ শতাংশক ক’ভিড প্রতিষেধক প্রদান কৰা হৈছে বুলি জানিব পৰা গৈছে৷