প্রধানমন্ত্রী মোদীৰ বাবেই অসমলৈ আহিছে পৰিৱর্তন–উন্নয়ন চমক
প্রধানমন্ত্রীক প্রশংসাৰে ওপচালে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই
নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশীর্বাদৰ বাবেই অসমে ক’ভিডৰ লগত যুঁজিবলৈ সক্ষম হোৱাৰ লগতে দেশৰ ৫খন শক্তিশালী ৰাজ্যৰ ভিতৰত থিয় দিব পাৰিছে৷ –এই ভাষ্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দেওবাৰে ঢ়েকীয়াজুলিত প্রধানমন্ত্রী মোদীৰ উপস্থিতিত অনুষ্ঠিত বিশাল সমাৰোহখনত ভাষণ দি মন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীক প্রশংসা কৰি কয় যে ২০২০ বর্ষত অসম আৰু বিশ্বৰ বুকুলৈ ক’ভিড মহামাৰী আহিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতবর্ষতেই নহয়, সমগ্র বিশ্বতে নেতৃত্ব লৈছিল৷ অত্যন্ত ব্যস্ততাপূর্ণ আৰু ৰাষ্ট্রৰ দুর্যোগৰ সময়ত মোদীয়ে অসমবাসীৰ ওচৰত থিয় দিছিল৷ পি এম কেয়াৰৰ পৰা সেই সময়ত ৯৪৭টা ভেণ্টিলেটৰ, ১,৩০০ অক্সিজেন কনচেনট্রেটৰ, ৩,৫৪১টা অক্সিজেন চিলিণ্ডাৰ, ৯ লাখ মাস্ক, ২ লাখ পি পি ই কিট, ২৫০ কোটি টকা অসমবাসী ৰাইজৰ বাবে দিছিল৷ মোদীয়ে ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতলৈ ভেকচিন আনিলে৷ আত্মনির্ভৰ ভাৰতক বিশ্ব দৰবাৰত প্রতীয়মাণ কৰি মোদীয়ে ভাৰততে নহয়, বিশ্বৰ সকলো ৰাষ্ট্রতে ক’ভিডৰ ভেকচিন যোগান ধৰিছে৷ অসমলৈও ৬ লাখ ড’জ ভেকচিন পঠিয়াইছে আৰু ইতিমধ্যে ৮৭,৫০০ চিকিৎসকক ভেকচিন দিয়া হৈছে৷ ভাষণত মন্ত্রী ড০ শর্মাই আৰু কয় যে অসমৰ ৰাইজে যেতিয়া ক’ভিড মহামাৰীৰ সৈতে যুঁজি আছিল, তেতিয়া দুই কোটি ৫০ লাখ মানুহক মোদীয়ে বিনাপইচাত চাউল যোগান ধৰিছিল৷ ৯ লাখ ৩৭ হাজাৰ মেট্রিকটন চাউল তেওঁ অসমৰ ৰাইজৰ বাবে যোগান ধৰিছিল৷ ৯৫,৩৪,৩৮৫টা বেংক একাউণ্টত ৫০০ টকাকৈ মুঠ ১,৪৩০ কোটি টকা অসমৰ দুখীয়া ৰাইজৰ বেংক একাউণ্টত জমা দিছিল৷ সেইদৰে প্রধানমন্ত্রী কিষাণ আঁচনিৰ জৰিয়তে ১৮,৬১,৭১৫জন কৃষক বন্ধুক মোদীয়ে ৩৯২ কোটি টকা আগবঢ়াইছে৷ আজি অসমৰ বাট–পথ, মেডিকেল কলেজ, অৰুণোদয়, অভিনন্দন, স্বয়ম এই সমগ্র আঁচনি একমাত্র প্রধানমন্ত্রী মোদীৰ আশীর্বাদৰ বাবে সম্ভৱ হৈছে৷
এই দিনটো অসমৰ বাবে গৌৰৱৰ দিন বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে এখন নহয়, দুখন নহয়, বর্তমানৰ ৰাজ্য চৰকাৰৰ দিনত ধুবুৰী, নলবাৰী, নগাঁও, কোকৰাঝাৰ, লখিমপুৰ, তিনিচুকীয়া, ডিফুত মেডিকেল কলেজ স্থাপনৰ দিশত আগবাঢ়িলে৷ আজিৰ দিনটো এটা ঐতিহাসিক দিন৷ প্রধানমন্ত্রী মোদীয়ে আজি অসম ভূমিত পদার্পণ কৰি ৫৬৪ আৰু ৫৫৭ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া বিশ্বনাথ চাৰিআলি আৰু চৰাইদেউত দুখনকৈ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰে৷ প্রধানমন্ত্রী মোদীয়ে প্রতিখন মেডিকেল কলেজৰ বাবে ১৮০ কোটি টকাকৈ আবণ্টন দি ৰাজ্যখনৰ স্বাস্থ্যখণ্ডক আৰু অধিক উন্নত পর্যায়লৈ উন্নীতকৰণ কৰিলে৷ ভাষণত তেওঁ আৰু কয়– আজি অসমৰ বাবে গৌৰৱৰ দিন৷ কিয়নো অহা জুলাই মাহৰ পৰা আমি উন্নত চিকিৎসাৰ বাবে আৰু দিল্লীলৈ যাব নালাগে৷ জুলাই মাহত চাংসাৰিত নির্মাণ হৈ থকা এইমছ ৰাইজৰ বাবে মুকলি কৰা হ’ব৷ প্রধানমন্ত্রী মোদীয়ে ৰাজ্যখনত উন্নয়নৰ অভিলেখ সৃষ্টি কৰা বুলি উল্লেখ কৰি কয়– আজি মোদীয়ে ৮ হাজাৰ কোটি টকাৰ অসম মালা আঁচনিৰ শুভাৰম্ভ কৰিব৷ এই আঁচনিৰ অধীনত ঢ়েকীয়াজুলি আৰু বৰছলা সমষ্টিত দুটা নতুন পথ নির্মাণ হ’ব৷ ভাষণত তেওঁ অসমত আকৌ এবাৰ মোদী চৰকাৰ হ’ব বুলি এই সভাতেই উদাত্তকণ্ঠে ঘোষণা কৰে৷