১৮০ বছৰলৈ জীয়াই থকাৰ কৌশল ডেভ এছপ্রীৰ
নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ অতি ধনৱান লোকৰ অশান্তি তথা শোক বেছি হয় বুলি বহুতেই ধাৰণা কৰে৷ কিন্তু আমেৰিকাৰ ব্যৱসায়ী ডেভ এছপ্রীয়ে ধনৰ বলতেই ১৮০ বছৰ পর্যন্ত জীয়াই থাকিব বুলি দাবী কৰিছে৷ ধনকুবেৰগৰাকীয়ে দাবী কৰিছে যে ১৮০ বছৰ জীয়াই থাকিবলৈ ইতিমধ্যে নিজৰ শৰীৰৰ নামত বহু কোটি ডলাৰ তেওঁ খৰচ কৰিছে৷ কি কৌশলেৰে এছপ্রী ইমানদিন জীৱিত থাকিব সেয়া অৱশ্যে সবিস্তাৰে ব্যাখ্যা কৰা নাই৷ কিন্তু ভৱিষ্যতে এই কৌশল দুনিয়াৰ সকলো লোকে গ্রহণ কৰাৰ সুযোগ পাব বুলি মন্তব্য কৰিছে ধনকুবেৰ ব্যৱসায়ীগৰাকীয়ে৷
৪৭ বছৰীয়া ডেভে উল্লেখ কৰা অনুসৰি নিজৰ শৰীৰৰ হাড়ৰ মজ্জাৰ পৰা কোষ বাহিৰ কৰি ইয়াক পুনৰ সংৰোপণ কৰাইছে৷ শৰীৰৰ বায়’লজিকেল ক্লক ওলোটাকৈ ঘূৰাবলৈ বায়’ হেকিং বুলি এক ব্যৱস্থা গ্রহণ কৰা হৈছে বুলিও ডেভে উল্লেখ কৰিছে৷ ইয়াৰ জৰিয়তেই তেওঁ ১৮০ বছৰলৈ জীৱনকাল বৃদ্ধি কৰিব পাৰিব বুলি দাবী কৰিছে৷