পর্বত আৰোহণকাৰী কার্লোছ ছ’ৰিয়াৰ অভিলেখ
নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ ৮১ বছৰ বয়সত বিশ্বৰ কেইবাটাও সুউচ্চ পর্বত শৃংগ আৰোহণ কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে স্পেইনৰ কার্লোছ ছ’ৰিয়াই৷ মাদ্রিদৰ বাহিৰৰ পার্বত্য অঞ্চলত সদায় পর্বত আৰোহণৰ অনুশীলন চলায় এই অশীতিপৰ ‘তৰুণজনে’৷ ৬০ বছৰ বয়সৰ পিছত বিশ্বৰ ১৪টা সুউচ্চ শৃংগৰ ভিতৰত ১১টা আৰোহণ কৰি এক অনন্য অভিলেখ গঢ়ি থোৱা কার্লোছে আগন্তুক গ্রীষ্মত পুনৰ মাউণ্ট এভাৰেষ্ট বগোৱাৰ সংকল্প লৈছে৷ প্রথমতে নেপালৰ ধাউলাগিৰি পর্বত আৰোহণ কৰি তিব্বতৰ শিশাপাংমা শৃংগ আৰোহণৰ প্রচেষ্টা চলাব কার্লোছে৷
৮ হাজাৰ মিটাৰতকৈ অধিক উচ্চতাৰ শৃংগ বগোৱা একমাত্র বয়োজ্যেষ্ঠ আৰোহীগৰাকীয়েই হৈছে কার্লোছ ছ’ৰিয়া৷ গৃহ সামগ্রী নির্মাণৰ জৰিয়তে জীৱিকা মোকলাইছিল কার্লোছে৷ উত্তৰ–পশ্চিম মাদ্রিদৰ আৱিলাত জন্মগ্রহণ কৰা কার্লোছে বহু পলমকৈ পর্বত আৰোহণত মনোনিৱেশ কৰে৷ ৬২ বছৰ বয়সত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি পর্বত আৰোহীগৰাকীয়ে যি অভিলেখ গঢ়ি থৈছে, সেয়া এতিয়াও বহুতৰ বাবে ঈর্ষণীয় বিষয়৷ লক্ষণীয়ভাৱে বয়োজ্যেষ্ঠ কার্লোছে পর্বত আৰোহণ কৰি এবাৰো কোনো ধৰণৰ দুর্ঘটনাৰ সন্মুখীন হোৱা নাই৷ কেতিয়াও আঘাতপ্রাপ্ত হোৱা নাই কার্লোছ৷ সেইবাবে বহুতৰে বাবে কার্লোছ এক বিস্ময় ব্যক্তি হিচাপে পৰিচিত হৈছে৷