আইছিছে হত্যা কৰা ১০৪ য়াজিডিৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ২০১৪ চনত ইছলামিক ষ্টেটে নৃশংসভাৱে হত্যা কৰা ১০৪গৰাকী লোকৰ মৰণোত্তৰ অৱশেষৰ আনুষ্ঠানিকভাৱে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিছে ইৰাকৰ য়াজিডি খ্রীষ্টান সম্প্রদায়ে৷ এই য়াজিডি লোকসকলক হত্যা কৰি গণ কবৰত মৃতদেহ ৰাখিছিল কুখ্যাত জেহাদী সংগঠনটোৱে৷ পৰৱর্তী সময়ত গণ কবৰৰ পৰা মৰণোত্তৰ অৱশেষ খনন কৰি উলিয়াই মাউণ্ট ছিনজাৰৰ সমীপৱর্তী ক’চো গাঁৱলৈ লৈ অহা হয়৷ ইয়াতেই যোৱা বৃহস্পতিবাৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ পিছত আটাইকেইগৰাকী লোকৰ মৰণোত্তৰ অৱশেষ সমাধিস্থ কৰা হয়৷
স্মর্তব্য যে ইছলামিক ষ্টেটে ২০১৪ চনত ইৰাক আৰু ছিৰিয়াত হাজাৰ হাজাৰ য়াজিডি খ্রীষ্টান লোকক হত্যা কৰিছিল৷ য়াজিডি মহিলাৰ ওপৰত চলোৱা হৈছিল পাশৱিক বলাৎকাৰ৷ ইছলামিক ষ্টেটৰ এই জঘন্য কাণ্ডক লৈ বিশ্বজুৰি সৃষ্টি হৈছিল শিহৰণ৷ কুখ্যাত জেহাদী সংগঠনটোৱে নিয়ন্ত্রণ কৰা অঞ্চলসমূহত নিখোজ হৈ থকা লোকসকলৰ সন্ধানত অভিযান এতিয়াও চলাই আছে য়াজিডি সম্প্রদায়ে৷