নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ বিজেপিৰ ১০০+ আসন দখলৰ লক্ষ্যক প্রত্যাহ্বান জনাই কংগ্রেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটত এতিয়াও একগোট হোৱা নাই বিজেপিবিৰোধী দলসমূহ৷ প্রাৰম্ভিক আলোচনাৰ পিছতো মহাজোঁটক উপেক্ষা কৰি এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে কংগ্রেছৰ দখলত থকা কেইবাটাও সমষ্টিত নিজাববীয়াকৈ প্রার্থী প্রক্ষেপৰ হুংকাৰ দি অহাৰ সমান্তৰালকৈ এআইইউডিএফৰে মিত্রতাক লৈ তীব্র আপত্তি উঠিছে কংগ্রেছৰ ভিতৰচ’ৰাত৷ এনে অৱস্থাত মহাজোঁট আৰম্ভণিতে মৰহি যোৱাৰ উপক্রম ঘটিছে৷ প্রদেশ কংগ্রেছৰ নেতৃত্বই মহাজোঁট গঠনেৰে বিজেপিক পৰাভূত কৰিব বুলি বাৰম্বাৰ হুংকাৰ দি অহাৰ সময়তে এইবাৰ মহাজোঁটৰ অংশীদাৰ বাঁও দলে কংগ্রেছক বিগ ব্রাদাৰ হিচাপে মানি নলয় বুলি স্পষ্ট কৰি দিছে৷ চিপিএমৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন সাংসদ, বিধায়ক উদ্ধৱ বর্মনে ‘নিয়মীয়া বার্তা’ক আজি এই সন্দর্ভত কয়– বিজেপিক পৰাভূত কৰাৰ ক্ষেত্রত ভোট বিভাজন যাতে নঘটে তাৰ বাবে আমি একত্রিত হৈছোঁ৷ ইয়াৰ বাবে প্রতিটো দলেই ত্যাগ স্বীকাৰ কৰিব লাগিব৷ অন্যথা ২০১৬ চনত যিদৰে ভোট বিভাজনেৰে বিজেপি জয়ী হৈছিল, একেই পৰিৱেশ এইবাৰো সৃষ্টি হ’ব৷
উল্লেখ্য যে মহাজোঁট গঠন কৰি চিপিএম আৰু চিপিআইৰ সৈতে প্রাৰম্ভিক আলোচনা কৰা কংগ্রেছে আসন বুজাবুজিৰ ক্ষেত্রত এতিয়াও দল দুটাৰ সৈতে চূড়ান্ত সিদ্ধান্তত অহা নাই৷ আনকি এআইইউডিএফকো আসন বুজাবুজিৰ বিষয়টো আলোচনাৰ বাবে আলোচনালৈ আনিব পৰা নাই কংগ্রেছে৷ এনে অৱস্থাত নিজকে মহাজোঁটৰ বিগ ব্রাদাৰ বুলি দাবী কৰি অহা কংগ্রেছৰ কার্যকলাপক লৈ তলে তলে বিতুষ্ট হৈ পৰিছে বাঁও দলকেইটা৷ বিশেষকৈ চিপিএমে দাবী কৰি অহা ৯টা সমষ্টিত কংগ্রেছে প্রার্থী প্রক্ষেপৰ বাবেও তলে তলে আৰম্ভ কৰিছে তৎপৰতা৷ এই বিষয়টোক লৈয়ে মহাজোঁটৰ অংশীদাৰ বাঁও দল অসন্তুষ্ট হৈ থকাই নহয়, আসন বুজাবুজিৰ বিষয়টো সোনকালে সম্পন্ন কৰাৰ বাবেও কংগ্রেছক হেঁচা দিছে৷ বিষয়টো সন্দর্ভত উদ্ধৱ বর্মনৰ মন্তব্য– কোন সমষ্টিত কাৰ গণভিত্তি আছে, সেয়াহে মূল বিষয়৷ বিগত নির্বাচনত কোন দলৰ প্রার্থীয়ে কোন সমষ্টিত সর্বাধিক ভোট লাভ কৰিছিল, সেয়া সমষ্টি দাবীৰ ভিত্তি হ’ব নোৱাৰে৷ কংগ্রেছে দাবী কৰা সমষ্টিত এটা সময়ত বাঁও দলৰো বিধায়ক জয়ী হৈছিল৷ তদুপৰি প্রতিটো সমষ্টিতে ভোটৰ সমীকৰণ নির্বাচনত সলনি হৈ থাকে৷ মূল কথাটো হ’ল– সমষ্টিটোত কোন দলৰ সাংগঠনিক দিশ শক্তিশালী, কোন দলৰ ভেটি সবল সেই ভেটিতেই সমষ্টিৰ দাবী উঠিব পাৰে৷
আনহাতে কংগ্রেছক কোনো কাৰণতে বিগ ব্রাদাৰ হিচাপে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দি জ্যেষ্ঠ বাঁও নেতাজনে কয়– মহাজোঁটত কোনো বিগ ব্রাদাৰ নহয়, সকলো সমান দল৷ কংগ্রেছে বিগ ব্রাদাৰৰ ভূমিকা লৈ অধিক আসন দাবী কৰিলেই নহ’ব, এই আসনসমূহত জয়ীও হ’ব লাগিব৷ বিহাৰত তেওঁলোকৰ কি অৱস্থা হ’ল সকলোৱে দেখিছে৷ কিন্তু এটা কথা নিশ্চিত যে যদি ভোট বিভাজন ৰোধ কৰা যায়, তেন্তে বিজেপিৰ পৰাজয় নিশ্চিত৷ উল্লেখ্য যে মহাজোঁটবন্ধন গঠনৰ পিছতেই চিপিএমে সৰভোগ, ৰঙিয়া, বিজনী, ৰঙাপৰা, শদিয়া, পাথাৰকান্দি, সৰুক্ষেত্রী, যোৰহাট আৰু বৰমা সমষ্টিৰ দাবী তুলিছে৷ এই ৯টা সমষ্টিৰ ৬টা বিজেপিৰ দখলত থকাৰ বিপৰীতে দুটা বিপিএফৰ দখলত আৰু এটা কংগ্রেছৰ দখলত আছে৷ লক্ষণীয়ভাৱে সৰুক্ষেত্রী সমষ্টিটো বাঁও দলৰ লগতে কংগ্রেছ আৰু এআইইউডিএফেও বিচাৰিছে৷ এনে ক্ষেত্রত মহাজোঁটত আসন বুজাবুজিৰ বিষয়টোৱে কি ৰূপ লয়, সেয়া যথেষ্ট লক্ষণীয় হৈ পৰিছে৷ উদ্ধৱ বর্মনৰ মতে, ফেব্রুৱাৰী মাহৰ শেষ ভাগত আসন বুজাবুজিৰ বিষয়টো সম্পন্ন কৰা হ’ব৷ আনহাতে মহাজোঁটৰ অংশীদাৰ হ’বলৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক বাৰম্বাৰ আহ্বান জনাই থকা হৈছে যদিও দল দুটাই ইয়াক প্রত্যাখ্যান কৰাৰ বিষয়টোৱে যথেষ্ট ক্ষতি কৰিব বুলি আজি উল্লেখ কৰে নেতাজনে৷ তেওঁ কয়– লুৰিণজ্যোতি গগৈৰ নেতৃত্বত গঠন হোৱা অসম জাতীয় পৰিষদৰ যথেষ্ট প্রভাৱ বৃদ্ধি পাইছে উজনি অসমত৷ এনে অৱস্থাত মহাজোঁটত অসম জাতীয় পৰিষদে যোগ নিদিলে কংগ্রেছৰ ভোট বিভাজনৰ সম্ভাৱনা আছে৷