নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়ুষমান খুড়ানা আৰু বিকী কৌশলক শ্ৰেষ্ঠ অভিনেতা বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা আজি
নতুন দিল্লীত প্ৰদান কৰা হয়। উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত সকলক সন্মান প্ৰদান কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত বিগ বি অমিতাভ বচ্চন উপস্থিত থকাৰ কথা আছিল। যদিও তেওঁ জ্বৰত আক্ৰান্ত হোৱাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে, টুইট যোগে বিগ বিয়ে এই কথা জানিবলৈ দিয়ে। উল্লেখ্য যে এই অনুষ্ঠানত বিগ বিক ‘দাদা চাহেব’ ফাল্কে বঁটা প্ৰদান কৰাৰ কথা আছিল। এই বৰ্ষত যুটীয়া ভাৱে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে আয়ুষমান খুড়ানা(আন্ধাধুন) আৰু বিকী কৌশল(উৰী) বাবে লাভ কৰে। লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে কীৰ্তি সুৰেশ (মহানতী, তেলেগু)।

শ্ৰেষ্ঠ ছবিঃ আন্ধাধুন

শ্ৰেষ্ঠ জনপ্ৰিয় ছবিঃ বধাই হৌ

সামাজিক পটভূমিক লৈ নিৰ্মিত শ্ৰেষ্ঠ ছবিঃ পেডমেন

শ্ৰেষ্ঠ সহযোগী অভিনেতাঃ শিবানন্দ কিৰকিৰে (চুম্বক)

শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীঃ সুৰেশা চিক্ৰী (বধাই হৌ)

শ্ৰেষ্ঠ কন্ঠশিল্পী পুৰুষঃ অৰিজিত সিঙ ( পদ্মাৱত)

শ্ৰেষ্ঠ কন্ঠশিল্পী মহিলাঃ বিন্দু মালিনী

You might also like