নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়া দৃঢ়তা আৰু সংকল্পৰ ফল: সতীর্থক প্রশংসা অধিনায়ক কোহলিৰ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ প্রথম টেষ্টত বিধ্বস্ত হোৱাৰ পিছত টীম ইণ্ডিয়াই দ্বিতীয় টেষ্টত যিদৰে শক্তিশালী প্রত্যাৱর্তন কৰিলে, এয়া দলৰ খেলুৱৈসকলৰ দৃঢ়তা আৰু সংকল্পৰ ফলত সম্ভৱ হৈ উঠিছে৷ এই মন্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ দ্বিতীয় টেষ্টত ইংলেণ্ডক ৩১৭ ৰানৰ বৃহৎ ব্যৱধানত হৰুওৱাৰ পিছত তেওঁ কয় যে প্রথম টেষ্টৰ ব্যর্থতাৰ পিছত প্রতিগৰাকী খেলুৱৈয়ে শক্তিশালী প্রত্যাৱর্তনৰ সংকল্পৰে ৰণকৌশল তৈয়াৰ কৰিছে৷ প্রবল আত্মবিশ্বাস আৰু দৃঢ়তাৰে খেলপথাৰত নামি দলটোৱে অৱশেষত আজি প্রত্যাশিত সাফল্য অর্জন কৰিলে৷

ইফালে, ভাৰতীয় দলক সমর্থন জনাবলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত সমৱেত হোৱা দর্শকসকলকো অধিনায়ক কোহলিয়ে বিশেষভাৱে ধন্যবাদ জনায়৷ তেওঁ কয় যে দর্শকৰ উপস্থিতিয়ে ভাৰতীয় খেলুৱৈসকলক নতুন উৎসাহ আৰু উদ্দীপনা যোগাইছিল৷ দীর্ঘদিনৰ মূৰত দর্শকৰ সন্মুখত খেলি টীম ইণ্ডিয়াই যথেষ্ট আনন্দ উপভোগ কৰিছে বুলি উল্লেখ কৰি অধিনায়ক কোহলিয়ে পুনৰ কয় যে চিপকৰ উইকেটে তেওঁলোকক সহায় কৰিছে যদিও দলৰ খেলুৱৈসকলে সংকল্প আৰু দৃঢ়তাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰিছে৷

You might also like