১৮ ফেব্রুৱাৰীত ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ যোগাযোগ ব্যৱস্থাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে অচিৰেই আৰম্ভ হ’ব ধুবুৰী–ফুলবাৰী দলঙৰ নির্মাণৰ কাম৷ এই লক্ষ্যৰে অহা ১৮ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ব্রহ্মপুত্রৰ ওপৰত হ’ব লগা ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীক সংযোগ কৰি নির্মাণ হ’বলগীয়া বহু প্রত্যাশিত দলংখনৰ আধাৰশিলা স্থাপন কৰিব৷ ভার্চুৱেল মাধ্যমেৰে প্রধানমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰিব লগা এই দলংখনৰ নির্মাণে নামনি অসমৰ আর্থ–সামাজিক দিশৰ উন্নয়নত বিশেষ অৰিহণা যোগাব বুলি ধাৰণা কৰা হৈছে৷
দেশৰ সর্ববৃহৎ ১৯.২৮২ কিলোমিটাৰ দৈর্ঘ্যৰ চাৰিলেনযুক্ত এই দলংখনে অসম আৰু মেঘালয়ৰ মাজত যাতায়াত সুগম কৰি তুলিব৷ উল্লেখ্য যে ধুবুৰী চহৰৰ পার্শ্বৱর্তী আদাবাৰী দ্বিতীয় খণ্ড গাঁৱৰ সমীপৰ ব্রহ্মপুত্রৰ ওপৰেৰে মেঘালয়ৰ ফুলবাৰীলৈকে নির্মাণ হ’বলগীয়া দলংখনৰ নদীৰ ওপৰৰ অংশৰ দৈর্ঘ্য হ’ব ১২.৬ কিলোমিটাৰ৷ সর্ববৃহৎ এই দলংখনৰ নির্মাণ ২০২৮ চনৰ ছেপ্ঢেম্বৰৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷
স্মর্তব্য যে ২০১৯ চনৰ ২৮ ফেব্রুৱাৰীৰ দিনা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত বহা কেন্দ্রীয় কেবিনেটে ব্রহ্মপুত্রৰ ওপৰেৰে ধুবুৰী–ফুলবাৰী সংযোগী দলংখনৰ নির্মাণত অনুমোদন জনাইছিল৷ ১৮ ফেব্রুৱাৰীৰ দিনা প্রধানমন্ত্রী মোদীয়ে ভার্চুৱেল মাধ্যমেৰে স্থাপন কৰিব লগা দলংখনৰ আধাৰশিলা কার্যসূচীৰ লগত সংগতি ৰাখি উক্ত দিনা ধুবুৰীৰ আদাবাৰীত এক ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে৷ উক্ত দিনাৰ কার্যসূচীত পৰিবহণ, উদ্যোগ–বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, খাদ্য আৰু অসামৰিক যোগান মন্ত্রী ফণীভূষণ চৌধুৰীৰ লগতে কেইবাজনো মন্ত্রী–বিধায়ক উপস্থিত থাকিব৷