নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ নির্বাচনত নাইকিয়া হ’ব ইউডিএফ; ইণ্ডিয়া টুডে’ টিভিত বিজেপিৰ ৰাষ্ট্রীয় নেতা বৈজয়ন্ত জয় পাণ্ডাৰ মন্তব্য

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনত নাইকিয়া হৈ পৰিব বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দল৷ একেদৰে কংগ্রেছ–এআইইউডিএফৰ মিত্রতাও নির্বাচনত গুৰুত্বহীন হৈ পৰিব৷ –এই মন্তব্য বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি তথা ৰাজ্যিক বিজেপিৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ৷

ৰাষ্ট্রীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ প্রভাৰীগৰাকীয়ে কয় যে নির্বাচনক লৈ এআইইউডিএফে নির্দিষ্ট এক সম্প্রদায়ৰ মাজত যি বিজেপিবিৰোধী প্রচাৰ আৰম্ভ কৰিছে, তাৰ দ্বাৰা বিজেপিৰ কোনো ক্ষতি নহয়৷ তদুপৰি মিত্রতাৰ নামত এআইইউডিএফে সম্পূর্ণৰূপে কংগ্রেছৰ শৰণাপন্ন হোৱাৰ ফলত আগন্তুক নির্বাচনত কার্যতঃ নাইকিয়া হৈ পৰিব দলটো৷

ইণ্ডিয়া টুডে’ টিভিত দিয়া সাক্ষাৎকাৰত বৈজয়ন্ত পাণ্ডাই ইয়াকো কয়– কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা মাত্র এটাই ইছ্যু৷ তেওঁলোকে কেৱল বিজেপিক শাসনলৈ অহাৰ পৰা আঁতৰাই ৰাখিব বিচাৰে৷ ইয়াৰ বাহিৰে এই মিত্রতাৰ আন কোনো ইছ্যু বা আদর্শ নাই৷ এই মিত্রতাই কোনো কাৰণতে সফল হ’ব নোৱাৰে৷ ইয়াৰ উদাহৰণ বিটিচি নির্বাচনত স্পষ্ট হৈ পৰিছে৷ কংগ্রেছ আৰু এআইইউডিএফে বিজেপিৰ বিৰুদ্ধে বিটিচি নির্বাচনত নামিছিল৷ ফলাফল সকলোৰে বাবে এতিয়া স্পষ্ট৷ ইফালে কংগ্রেছে আৰম্ভ কৰা অসম বচাওঁ অভিযানক কটাক্ষ কৰি বৈজয়ন্ত পাণ্ডাই কয়, কংগ্রেছে অসম বচাওঁ অভিযানত নমাৰ কোনো যুক্তি নাই৷ কিয়নো কংগ্রেছৰ পৰাহে অসম এতিয়া সুৰক্ষিত৷ কংগ্রেছৰ ১৫ বছৰীয়া শাসনকালত অসমৰ ৰাইজে কি পাইছিল, কি হেৰুৱাইছিল সেই সকলো বিষয় বিজেপিৰ পাঁচ বছৰীয়া শাসনত স্পষ্ট হৈ পৰিছে৷

বিগত ১৫ বছৰৰ তুলনাত যোৱা পাঁচ বছৰত অসমত হোৱা অভাৱনীয় উন্নয়নক এতিয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ বিজেপি চৰকাৰৰ এনে উন্নয়নৰ যাত্রাৰ বাবেই আগন্তুক নির্বাচনত দলটোৱে ১০০ প্লাছ আসন লাভ কৰাটো নিশ্চিত৷ বৈজয়ন্ত পাণ্ডাই শেহতীয়াকৈ ৰাহুল গান্ধীৰ অসম ভ্রমণক কটাক্ষ কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতিখন সভাত ৪ লাখতকৈ অধিক লোক সমৱেত হৈছে৷ ইয়াৰ পৰিৱর্তে ৰাহুল গান্ধীয়ে নামমাত্র সমর্থকৰ উপস্থিতিত সভা অনুষ্ঠিত কৰিছে৷ এই পৰিৱেশে আগন্তুক নির্বাচনত যে কংগ্রেছক ৰাইজে প্রত্যাখ্যান কৰিব সেৱা স্পষ্ট৷

You might also like