আলফা (স্বা)ৰ দাবী আমি মানি নলওঁঃ ৰাজ্য চৰকাৰৰ হৈ চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ “চৰকাৰৰ কাম হৈছে মানুহৰ জীৱন আৰু সম্পতিৰ নিৰাপত্ত দিব। চৰকাৰে যি কৰিব ৰাইজৰ স্বাৰ্থত কৰিব। গতিকে এইক্ষেত্ৰত আলফাই কিবা দাবী কৰিলেই আলফাৰ দাবী আমি মানি ল’ব নোৱাৰো।”– আজি ৰাজ্য চৰকাৰৰ হৈ এই মন্তব্য চন্দ্ৰমোহন পাটোৱাৰীৰ।
ইপিনে জনসাধাৰণৰ নিৰাপত্তাৰ কথা উল্লেখ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, “আমাৰ চৰকাৰ জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাত সদায়ে দায়বদ্ধ। ইতিমধ্যে আৰক্ষী বিভাগে ইয়াৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।”
ইপিনে সাংবাদিকে এই ক্ষেত্ৰত চোৰাংচোৱা সংস্থা ব্যৰ্থ হোৱা বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীয়ে কয় চোৰাংচোৱা সংস্থা ব্যৰ্থ হোৱা নাই। সোণোৱাল চৰকাৰে আজি ৫ টা বছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। বিগত ৫ বছৰত এনেকোৱা ঘটনা সংঘটিত হোৱা নাছিল। যদি চোৰাংচোৱা সংস্থা ব্যৰ্থ হ’লহেতেন তেনেহলে এনে ঘটনা বহুবাৰ সংঘটিত হ’ল হেতেন বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।