নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬৩ বছৰত ভৰি দিলে চিৰতৰুণ অনিল কাপুৰে

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ আজি ৬৩ বছৰত ভৰি দিলে অভিনেতা অনিল কাপুৰে । অনিল কাপুৰ হৈছে আজিৰ প্রজন্মৰ এজন সুদক্ষ অভিনেতা ।

ৰূপালী পর্দাত যেনেদৰে চিৰিয়াছ অভিনেতাজন থিক একেদৰে তেওঁ ব্যক্তিগত জীৱনটো সমানেই এজন চিৰিয়াছ ব্যক্তি ।

চলচ্চিত্রকাৰৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা অনিল কাপুৰ হৈছে প্ৰযোজক সুৰিন্দৰ কাপুৰৰ পুত্ৰ । লগতে চলচিত্ৰ নির্মাতা বনি কাপুৰ আৰু অভিনেতা সঞ্জয় কাপুৰৰ ভাতৃ । ইপিনে অভিনেতা জান্ভি কাপুৰ আৰু অর্জুন কাপুৰৰ খুড়াক ।

উল্লেখ্য যে অভিনেতা হিচাপে কেৰিয়াৰৰ ৪০ টা বৰ্ষ পাৰ কৰিলে অনিল কাপুৰে । লগতে ২০০৫ চনৰ পৰা তেওঁ প্ৰযোজক ৰূপে বলিউডত চিনাকি লাভ কৰিছে ।

আনহাতে অনিল কাপুৰক প্ৰথমে উমেশ মেহৰাৰ “হামাৰে-তোমহাৰে”(১৯৭৯) ত এটা সৰু চৰিত্ৰত দেখা পোৱা গৈছিল । মুখ্য অভিনেতা ৰূপে অনিল কাপুৰৰ ১৯৮০ চনত এখন তেলেগু ছবি “ভামছা ভ্ৰুকচম”ৰ দ্বাৰা আত্মপ্ৰকাশ ঘটিছিল । সেই একে বছৰেই তেওঁ দুখন হিন্দী ছবি- “এক বাৰ কহ’ আৰু হম পাঞ্চ”ত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ।

বয়সে কেতিয়াও অভিনয় ক্ষেত্ৰত প্ৰভাৱ পেলাব নোৱাৰা এই অভিনেতাগৰাকী আজিও সকলো শ্ৰেণীৰ দৰ্শকৰ হৃদয়ত খুদিত হৈ আছে ।

আনহাতে অভিনেতাগৰাকীৰ জন্মদিনৰ দিনাই তেওঁৰ আহিবলগীয়া নতুন ছবি “মলংগ” ৰ ফাষ্টলোক মুকলি কৰা হৈছে ।

You might also like