নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশাল অস্ত্র ভাণ্ডাৰ লৈ সংবিজিতসহ ১,০৪০ কেডাৰৰ আত্মসমর্পণ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ  সন্ত্রাসবাদমুক্ত অসম গঢ়া আৰু ৰাজ্যখনত স্থায়ী শান্তি প্রতিষ্ঠা কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ডপস্থিতিত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি কার্বি আংলং জিলাৰ ৫টা নৃগোষ্ঠীয় উগ্রপন্থী সংগঠনৰ ১০৪০গৰাকীকৈ সদস্যই অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ প্রত্যাৱর্তন কৰে৷ অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ ডদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানত আজি পিপল্ছ ডেম’ক্রেটিক কাডন্সিল অৱ কার্বি লংৰি (পি ডি চি কে)ৰ স্বঘোষিত অধ্যক্ষ ইংতি কাথাৰ সংবিজিতকে ধৰি সংগঠনটোৰ সদস্যসকল, কার্বি লংৰি এন চি হিলছ লিবাৰেচন ফ্রণ্ট (কে এল এন এল এফ), কার্বি পিপল্ছ লিবাৰেশ্যন টাইগার্ছ (কেপিএলটি), কুকি লিবাৰেচন ফ্রণ্ট (কে এল এফ) আৰু ইউনাইটেড পিপল্ছ লিবাৰেচন আর্মী (ইউ পি এল এ)ৰ সমূহ সদস্যই ভাৰতীয় সংবিধান আৰু গণতন্ত্রৰ প্রতি আস্থা আৰু বিশ্বাস প্রদর্শন কৰি মূলসুঁতিলৈ ঘূৰি আহে৷ উগ্রপন্থী সদস্যসকলে ৩৩৮টা বিভিন্ন ধৰণৰ অস্ত্র–শস্ত্রৰ লগতে ১১,২০৩ জজাই গুলীও জমা দিয়ে৷ হিংসাৰ পথ পৰিহাৰ কৰি শান্তিৰ পথ গ্রহণ কৰা ডগ্রপন্থী সদস্যসকলক স্বাভাৱিক জীৱনলৈ স্বাগতম জনাই মুখ্যমন্ত্রী সোণোৱালে কয়– হিংসাৰ পথ এৰি ভাৰতীয় সংবিধানৰ প্রতি আনুগত্য প্রকাশেৰে শান্তিৰ পথলৈ ঘূৰি অহা কার্বি ভাই–ভনীসকল আজিৰ পৰা আমাৰ বৃহৎ পৰিয়ালটোৰ একো একোগৰাকী সদস্য হিচাপে চামিল হৈছে৷ আজিৰ পৰা আমি সকলোৱে শান্তিপ্রিয় গণতান্ত্রিক ভাবধাৰাৰে একেটা পৰিয়ালৰ সদস্য হিচাপে কাম কৰি যাব লাগিব৷

কার্বি আংলং জিলাখন ৰাজ্যৰ ভিতৰতে প্রাকৃতিক সৌন্দর্যৰ দিশৰ পৰা অতুলনীয়৷ বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতিৰ সাৰুৱা পথাৰ কার্বি আংলঙৰ সম্পদ আৰু সম্ভাৱনাৰ সুপ্রয়োগেৰে এখন আত্মনির্ভৰ কার্বি পাহাৰ তথা আত্মনির্ভৰ অসম গঢ়াৰ বাবে আজি মূলসুঁতিলৈ ঘূৰি অহা যুৱক–যুৱতীসকলে মূল দায়িত্ব গ্রহণ কৰিব লাগিব৷ ভাৰত আৰু অসম চৰকাৰে কার্বি আংলঙক প্রতিটো ক্ষেত্রতে চহকী কৰাৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰি যাব৷ মুখ্যমন্ত্রীয়ে কয় যে কার্বি পাহাৰৰ ডেকাসকল দেশৰ সুযোগ্য সন্তান৷ দেশৰ স্বার্থত সমর্পিত মনোভাবেৰে কাম কৰি কার্বি আংলঙক বিশ্বৰ ভিতৰতে জাকতজিলিকা অঞ্চল হিচাপে গঢ়ি তোলাৰ সামর্থ্য তেওঁলোকৰ আছে৷ আমাৰ উপস্থিতিয়ে যদি মানৱ সমাজৰ কিঞ্চিৎ হ’লেও কল্যাণ সাধন কৰে, সেয়াই আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা৷ ‘আমি মিলিজুলি থাকিম, একেলগে পৰিশ্রম কৰিম আৰু লক্ষ্যত উপনীত হ’ম৷’ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শক্তিশালী নেতৃত্বত আজি ভাৰতবর্ষত যি সম–বিকাশৰ পৰিৱেশ সৃষ্টি হৈছে, তাৰ ফলতে ৰাজ্যখনৰ প্রায় প্রতিটো উগ্রপন্থী সংগঠনৰ সদস্যসকলে উগ্রপন্থা পৰিত্যাগ কৰি ৰাজ্যৰ উন্নয়নী প্রক্রিয়াত চামিল হোৱাৰ আগ্রহ প্রকাশ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে উগ্রপন্থী সদস্যসকলক মাথোঁ মূলসুঁতিলৈ ঘূৰাই অনাতেই চৰকাৰৰ দায়িত্ব সীমাবদ্ধ নাথাকে, তেওঁলোকে যাতে সন্মানসহকাৰে উপার্জনৰ এক পথ বিচাৰি ল’ব পাৰে, সেয়া সুনিশ্চিত কৰাও চৰকাৰৰ অন্যতম দায়িত্ব৷ মূলসুঁতিলৈ প্রত্যাৱর্তন কৰা উগ্রপন্থী সদস্যসকলে সংস্থাপনৰ কথা চিন্তা কৰিব নালাগে৷ তেওঁলোকৰ সংস্থাপনৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য দুয়োখন চৰকাৰে যৌথভাৱে পদক্ষেপ গ্রহণ কৰিব৷ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত আজি পাহাৰীয়া জিলাখনত সকলো ক্ষেত্রতে উন্নয়নৰ এক সুন্দৰ পৰিৱেশ ৰচনা হৈছে বুলি মন্তব্য কৰি সেয়া সম্ভৱ কৰি তোলাৰ বাবে তেওঁ তুলিৰাম ৰংহাঙক ভূয়সী প্রশংসা কৰে৷

মুখ্যমন্ত্রীয়ে লগতে ৰাজ্যখনক সন্ত্রাসবাদমুক্ত ৰাজ্য হিচাপে পৰিগণিত কৰাৰ ক্ষেত্রত ইডনিফাইড কমাণ্ড ষ্ট্রাকচাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে অসম আৰক্ষী, ভাৰতীয় সেনা, চোৰাংচোৱা আৰু অর্ধসামৰিক বাহিনীসমূহৰ কর্মকর্তাসকলৰ প্রতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্রী ৰংবং তেৰাঙৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে লেখকগৰাকীৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ মানৱীয় দিশটো শক্তিশালী কৰি তুলিলে৷ মুখ্যমন্ত্রীয়ে লগতে অনুষ্ঠানত অংশগ্রহণ কৰা কার্বি সাহিত্য সভা আৰু কার্বি সাংস্কৃতিক সমাজৰ প্রতিনিধিসকলকো ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তয়ো উগ্রপন্থীসকলক মূলসুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্রত অসম আৰক্ষীৰ বিশেষ শাখাৰ লগতে সেনাবাহিনী, অন্যান্য নিৰাপত্তা বাহিনীসমূহ আৰু কেন্দ্রীয় চোৰাংচোৱা বাহিনীসমূহে আগবঢ়াই অহা সহযোগিতাৰো তেওঁ শলাগ লয়৷ তেওঁ কয় যে কার্বি ৰাইজে বিগত দশকসমূহত যি হিংসাৰ ইতিহাস প্রত্যক্ষ কৰিলে আজি সেই ভয়ংকৰ অধ্যায়ৰ অন্ত পৰিল৷ মূলসুঁতিলৈ ঘূৰি অহা উগ্রপন্থী সদস্যসকলক তেওঁলোকে এৰি অহা পথৰ ফালে আৰু কেতিয়াও ঘূৰি নাচাবলৈ আৰক্ষী সঞ্চালকপ্রধানগৰা আহ্বান জনায়৷

অনুষ্ঠানত পিডিচিকেৰ মুখ্য সেনাধ্যক্ষ আই কে সংবিজিতসহ কেইবাজনো শীর্ষ নেতাই এজন এজনকৈ মুখ্যমন্ত্রীৰ হাতত অস্ত্র সম্বৰণ কৰে৷ অস্ত্র সম্বৰণ কৰি আই কে সংবিজিতে ৰাইজৰ বাবে এই সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ অনুষ্ঠানলৈ অহা বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙে কার্বি আংলঙৰ ৫টা সংগঠনে মূলসুঁতিলৈ অহাটো সকলোৰে বাবে ভাল খবৰ বুলি সাংবাদিকৰ আগত মন্তব্য কৰে৷ তেওঁ লগতে কয়– যুৱ প্রজন্মৰ মাজত নতুন চেতনা ঘূৰি আহিছে৷ এয়া কার্বি আংলং আৰু অসমৰ বাবে এটা ঐতিহাসিক দিন৷ উল্লেখ্য যে আজি মূলসুঁতিলৈ উভতি অহা সংগঠনৰ নেতৃত্বৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ২৫ ফেব্রুৱাৰীত কার্বি আংলঙৰ ডেনগাঁৱত এক বিশাল জনসভাত শান্তি চুক্তিত স্বাক্ষৰ কৰিব৷ অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান (বিশেষ শাখা) হীৰেন নাথে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, ডিফু সমষ্টিৰ সাংসদ হৰেনছিং বে’, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নীৰজ বার্মা, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিং, সেনাবাহিনীৰ ২১ মাডণ্টেইন ডিভিজনৰ জি’চি এছ পি সিং, এছ আই বিৰ যুটীয়া সঞ্চালক ৰশ্মি সিনহা প্রমুখ্যে ভাৰতীয় সেনা, এছ এছ বি, অসম আৰক্ষী আৰু অন্যান্য অর্ধসামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙৰ লগতে কার্বি আংলং জিলাৰ বহুকেইগৰাকী গাঁওবুঢ়া আৰু বিশিষ্ট নাগৰিকেও অংশগ্রহণ কৰে৷

You might also like