বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড স্থানান্তৰত ব্যর্থ প্রশাসন
নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰাত চূড়ান্ত ব্যর্থ হৈছে চৰকাৰ প্রশাসন৷ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ নির্দেশৰ পিছতো বিগত তিনি বছৰে প্রশাসনে বৰাগাঁৱৰ পৰা ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰিবলৈ সক্ষম হোৱা নাই৷ আজি উজান বজাৰস্থিত পৌৰ নিগমৰ কার্যালয়ত অনুষ্ঠিত এক বঁটা প্রদান অনুষ্ঠানত অংশগ্রহণ কৰি সংবাদ মাধ্যমৰ আগত আওপকীয়াকৈ এই ব্যর্থতা স্বীকাৰ কৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কয় যে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে বৰাগাঁৱৰ পৰা ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰিবলৈ নির্দেশ দিয়াৰ পাছৰে পৰা চৰকাৰে প্রচেষ্টা অব্যাহত ৰাখিছে৷ চৰকাৰৰ নির্দেশ অনুসৰি গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই প্রয়োজনীয় ভূমি বিচাৰি আছে যদিও ইয়াৰ সঠিক সমাধান উলিয়াব পৰা নাই৷
চন্দ্রপুৰৰ এটুকুৰা ভূমিত ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰাৰ কথা আছিল যদিও একাংশ স্থানীয় লোকে বিৰোধ কৰা বাবে এয়া সম্ভৱ হৈ উঠা নাই৷ বিজ্ঞানসন্মতভাৱে আৱর্জনা পৰিশোধনৰ ব্যৱস্থা কৰি সম্পদলৈ ৰূপান্তৰকৰণ কৰাৰ কথা আছিল যদিও একাংশ লোকৰ বিৰোধিতাৰ বাবে এই কাম সম্পন্ন কৰিব পৰা নাই৷ আৱর্জনা পৰিশোধন কেন্দ্রৰ পৰা যে প্রতিৱেশীৰ বিশেষ অসুবিধা নহয় এই কথা পতিয়ন নিয়াবৰ বাবে চন্দ্রপুৰৰ সঁজাতী দল এটা দিল্লীৰ আৱর্জনা পৰিশোধন কেন্দ্র দর্শন কৰিবলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল যদিও ক’ৰোনা মহামাৰীৰ বাবে ব্যাঘাত জন্মা বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ অৱশ্যে শীঘ্রে চন্দ্রপুৰৰ এটা সঁজাতী দল চৰকাৰী খৰচত দিল্লীলৈ লৈ যোৱা হ’ব বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷
ইপিনে, গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ–পৰিচ্ছন্ন মহানগৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত একাংশ অনুষ্ঠান–প্রতিষ্ঠান তথা সর্বসাধাৰণ লোকে কৰা প্রচেষ্টাৰ শলাগ লৈ অনাগত দিনত এই প্রচেষ্টা অব্যাহত ৰখাৰ বাবে মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ অৱশ্যে আন একাংশ লোকে ইয়াৰ বিপৰীত স্থিতি গ্রহণ কৰাত মন্ত্রীগৰাকীয়ে অসন্তুষ্টি ব্যক্ত কৰে৷