নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অংকুৰ ৰঞ্জন ফুকন–মনোৰঞ্জন বড়ি–ভিজিৎ বৰাক মুনীন বৰকটকী সাহিত্য বঁটা প্রদান

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ  অসমীয়া সাহিত্য চর্চা অব্যাহত ৰখা নতুন প্রতিভাক উদগনি দিয়াৰ উদ্দেশ্যে আগবঢ়াই অহা মুনীন বৰকটকী সাহিত্য বঁটা শনিবাৰে তিনিগৰাকীকৈ প্রতিভাশালী কবি, গল্পকাৰ ক্রমে অংকুৰ ৰঞ্জন ফুকন, মনোৰঞ্জন বড়ি আৰু অভিজিৎ বৰাক প্রদান কৰা হয়৷

মহানগৰীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্রৰ প্রেক্ষাগৃহত এই উপলক্ষে অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট লেখক তথা বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে আনুষ্ঠানিকভাৱে মুনীন বৰকটকী সাহিত্য বঁটা প্রদান কৰে৷ প্রয়াত লেখক, সাংবাদিক আৰু সমালোচক মুনীন বৰকটকীৰ পৱিত্র স্মৃতিত মুনীন বৰকটকী ন্যাসে প্রতিবছৰে প্রদান কৰি অহা এই বঁটাত আছে এখন ফলক, এখন স্মাৰক, গামোচা, গ্রন্থৰ টোপলা আৰু নগদ পঞ্চাশ হাজাৰকৈ টকা৷ প্রতিভাৱান কবি অংকুৰ ৰঞ্জন ফুকনৰ ‘ৎ’ নামৰ কবিতা পুথি আৰু গল্পকাৰ মনোৰঞ্জন বড়িৰ চুটি গল্প সংকলন ‘মহ–যখ’ৰ বাবে দুয়োগৰাকীকে ২০১৯ বর্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা প্রদান কৰা হয়৷

আনহাতে প্রতিশ্রুতিসম্পন্ন গল্পকাৰ অভিজিৎ বৰাক ‘ডেউকা কোবাই যায়’ নামৰ চুটিগল্প সংকলনখনৰ বাবে ২০২০ বর্ষৰ মুনীন বৰকটকী বঁটা প্রদান কৰা হয়৷ প্রয়াত মুনীন বৰকটকীৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বঁটা প্রদান কৰি ড০ হীৰেন গোহাঁয়ে কয়– অসমীয়া সাহিত্যৰ গুণগত মানৰ উৎকর্ষ সাধনৰ বাবে এই বঁটা দি অহাৰ বাবে মুনীন বৰকটকী ন্যাসৰ কর্মকর্তাসকলক ধন্যবাদ জনাইছোঁ৷ সন্মানীয় বঁটাটোৱে বঁটাপ্রাপকসকলক অধিক দায়বদ্ধতাৰে ৰুচিশীল তথা উৎকৃষ্ট সাহিত্য সৃষ্টিত মনোনিৱেশ কৰিবলৈ সোঁৱৰাই দিব৷ মননশীল সাহিত্য পঢ়িবলৈ ৰসজ্ঞ পাঠক সমাজৰ দৰকাৰ৷ বর্তমান ৰসজ্ঞ পাঠকৰ অভাৱ হোৱা যেন লাগে৷ তৎসত্ত্বেও উদীয়মান প্রতিভাক স্বীকৃতি দিয়াৰ বাবে ন্যাসে যি পদক্ষেপ লৈছে সেয়া সঁচাকৈ প্রশংসনীয়৷

আনহাতে যিগৰাকী ব্যক্তিৰ নামত এই বঁটাটো দিয়া হৈছে তেওঁ আছিল এগৰাকী অনুভূতিশীল গুণগ্রাহী চৰিত্রৰ ব্যক্তি৷ প্রয়াত মুনীন বৰকটকীয়ে অসমৰ কলা–সংস্কৃতিৰ উত্তৰণৰ বাবে অতি নিষ্ঠাৰে কাম কৰিছিল৷ বৰকটকী আছিল পৰিশীলিত মনৰ গুণী–জ্ঞানী ব্যক্তি৷ অনুষ্ঠানত ‘ভাৰতত প্রতিবাদী কাব্যৰ বিকাশ–ধাৰা’ শীর্ষক মুনীন বৰকটকী স্মাৰক বত্তৃণতা প্রদান কৰে বিশিষ্ট কবি, সাংবাদিক, অনুবাদক নিৰুপমা দত্তই৷

অনুষ্ঠানত দত্তই কয়– কবিতা সমগ্র পৃথিৱীতে প্রতিবাদ আৰু প্রতিৰোধৰ এটা মাধ্যম হৈ আহিছে৷ বিবিধতাৰে পূর্ণ পৰম্পৰা আৰু চেতনাৰে সমৃদ্ধ এই উপ–মহাদেশখনে কাহানিও মত–পার্থক্য আৰু যুক্তি–তর্কক নেওচা দিয়া নাই৷ বৈদিক স্তৱসমূহ আৰু আৰম্ভণিৰ মহাকাব্যিক কবিসকলৰ কবিতাৰ পৰা মধ্য যুগৰ ভক্তি আন্দোলনত কবীৰ আৰু গুৰু নানক আদিৰ মাজেৰে মুখৰ হোৱা নতুন চিন্তা কাব্যিক প্রতিবাদৰ উদাহৰণ৷ প্রতিবাদী গান আৰু কবিতা ভাৰতৰ স্বাধীনতা আন্দোলনৰো এটা প্রধান অংশ আছিল৷ অনুষ্ঠানত বিশিষ্ট অতিথিসকলক সম্বর্ধনা জনোৱাৰ লগতে ন্যাসৰ প্রতিবেদন পাঠ কৰে ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ড০ মীনাক্ষি বৰকটকীয়ে৷ অনুষ্ঠানত কবি–গল্পকাৰ অতনু ভট্টাচার্য, কুশল দত্ত আদিকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like