চৰকাৰ হ’লে বন্ধ কৰিব হিন্দু–মুছলমানৰ ৰাজনীতি
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ এইবাৰ অসমত একমাত্র জাতীয়তাবাদী চৰকাৰ গঠন হ’ব৷ সাম্প্রদায়িকতা আৰু হিন্দু–মুছলমানৰ ৰাজনীতি শেষ কৰি সমাজখনক নতুন বাটেৰে আগুৱাই নিবলৈ আমি ৰাইজৰ আশীর্বাদ বিচাৰিছোঁ৷ শ্রীমন্ত শংকৰদেৱে দেখুৱাই যোৱা সমন্বয়ৰ আদর্শ অসমৰ মানুহৰ বাবে শক্তি হওক, সাহস হওক৷ –এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷
দেওবাৰে অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত ঘগ্রাপাৰৰ সমীপৰ সোণকুৰিহাত এখন জনজাগৰণ সমাৱেশত অংশগ্রহণ কৰি গগৈয়ে কয় যে বিজেপিয়ে সমাজখনক ভাগ ভাগ কৰাৰ বাবে উঠিপৰি লাগিছে৷ যেতিয়াই ৰাইজে বাট–পথ, চিকিৎসাৰ উন্নয়ন, নিবনুৱা সমস্যা বা কৃষকৰ অধিকাৰৰ কথা কয়, তেতিয়াই বিজেপিৰ নেতাসকলে মিঞা মিউজিয়াম,বদৰুদ্দিন আজমলৰ পিছপিনে আঁৰি থোৱা বেনাৰৰ কথা কয়৷ তেওঁ কয়– এতিয়া অসমত অসমীয়া বুলি পৰিচয় দিবলৈ ভয় হয়৷ পৰিচয় দিব লাগে হিন্দু–মুছলমান বুলি৷ কিন্তু আমি যদি অসমৰ স্বাভিমান ৰক্ষা কৰিব লাগে, মূৰ দাঙি জীয়াই থাকিব লাগে তেন্তে অসমীয়া জাতীয়তাবাদহে অসমত চলিবলৈ দিব লাগিব৷
জাতীয়তাবাদী চৰকাৰ নহ’লে অসমৰ সম্প্রীতি থানবান হৈ যাব বুলি মন্তব্য কৰি লুৰিণজ্যোতি গগৈ কয়– বিজেপিয়ে আজমলৰ ভয় দেখুৱায়৷ অসমৰ মাটিৰ পৰা বিজেপি, কংগ্রেছ আৰু এ আই ইউ ডি এফকো উৎখাত কৰিব লাগিব৷ অসম জাতীয় পৰিষদৰ চৰকাৰ হ’লে আমি ‘কা’ বলৱৎ হোৱাাত বাধা দিম৷ ‘কা’ এখন সাম্প্রদায়িক আইন৷ এই আইনৰ জৰিয়তে ধর্মীয় মেৰুকৰণ কৰি ভোট বেংক তৈয়াৰ কৰিব বিচাৰিছে বিজেপিয়ে৷ আমাৰ চৰকাৰ হ’লে নাগৰিকত্ব দিয়াৰ নামত হিন্দু–মুছলমানৰ ৰাজনীতি বন্ধ কৰিম৷ ১৯৭১ চনৰ ২৫ মার্চৰ পাছত অহা হিন্দু–মুছলমান কোনো বিদেশীৰ বোজা ল’বলৈ আমি সাজু নহয়৷
অসম গণ পৰিষদক সমালোচনা কৰি তেওঁ কয়– অসম গণ পৰিষদ নামটো সংগ্রহালয়ত থাকিব৷ তেওঁলোকৰ নেতা তিনিজনৰ লক্ষ্য কেৱল ক্ষমতা, মন্ত্রিত্ব৷ তেওঁলোকৰ কথা আলোচনা কৰিব নালাগে৷ স্থানীয় সোণকুৰিহা চ’কত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে নলবাৰী জিলাৰ অসম জাতীয় পৰিষদৰ সভাপতি নগেন ডেকাই৷ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়– যি পানীত জাহাজ চলে সেই পানীত পদুম নুফুলে৷ পদুমে সমগ্র অসম বোকাময় কৰি তুলিছে৷ বোকাত পদুম ফুলি, ৰাইজক বোকাৰে লুতুৰি–পুতুৰিকৰিছে৷ এইবাৰ এই বোকা–পানীত পানী জাহাজে পদুম নোহোৱা কৰি ৰাইজক মুক্ত কৰিব৷ য’ত জাহাজ থাকে তাত পদুম নাথাকে৷ সভাখনত অসম জাতীয় পৰিষদৰ উপ–সভাপতি দুলু আহমেদে ভাষণত এইবাৰ অসমত অসম জাতীয় পৰিষদৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে৷ উক্ত সভাত অঞ্চলটোৰ বিভিন্ন দলৰ ভালেসংখ্যক কর্মীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে৷
লগতে প্রাক্তন শ্রমিক নেতা খুৰচিদ আলম আৰু নলবাৰী জিলা অগপৰ সমষ্টি কমিটীৰ সম্পাদক হেমন্ত হালৈয়ো অজাপত যোগদান কৰে৷ নলবাৰী জিলাৰ সাধাৰণ সম্পাদক শৰৎ কলিতাই আঁত ধৰা সভাখনত অসম জাতীয় পৰিষদৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকা, অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ তথা অসম জাতীয় পৰিষদৰ উপ–সভাপতি পুলকেশ বৰুৱায়ো ভাষণ দিয়ে৷ সভাত অসম জাতীয় পৰিষদৰ নেতা ড০ শিখৰ শর্মা, লক্ষী পাটোৱাৰী আৰু অসম জাতীয় পৰিষদৰ সম্পাদক অমল ডেকা, সাধাৰণ সম্পাদক মনোজ শর্মাকে ধৰি অঞ্চলটোৰ সহস্রাধিক লোকে অংশগ্রহণ কৰে৷