নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ বছৰটোৰ অন্তিম বলয়গ্রাস সূৰ্যগ্ৰহণৰ সাক্ষী বিশ্ববাসী

নিউজডেস্ক, ২৫ ডিচেম্বৰঃ পুনৰ আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী । বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আকাশত ২৬ ডিচেম্বৰত পৰিলক্ষিত হ’ব বলয়গ্ৰাস সূৰ্যগ্ৰহণ । এয়া হ’ব চলিত বৰ্ষৰ অন্তিমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ ।

অৱশ্যে অসমৰ আকাশত আংশিক বলয়গ্ৰাস সূৰ্যগ্ৰহণহে পৰিলক্ষিত হ’ব৷ গুৱাহাটীস্থিত তাৰকাগৃহৰ  কিউৰেটৰ বাবুল বৰাই সদৰী কৰা অনুসৰি গুৱাহাটীত পুৱা ৮.৪০ বজাত আৰম্ভ বলয়গ্রাস সূর্যগ্রহণ৷ দিনৰ ১১.৩৬ বজাত অন্ত পৰিব এই সূর্যগ্রহণৰ৷ অৱশ্যে ৰাজ্যৰ ভিন্ন প্রান্তত বলয়গ্রাস সূর্যগ্রহণৰ সময়ৰ কিছু পৰিমাণে তাৰতম্য ঘটিব৷

সেই অনুসৰি ডিব্রুগড়ত পুৱা ৮.৫১ বজাত আৰম্ভ হৈ ১২.৪৩ বজাত অন্ত পৰিব বলয়গ্রাস সূর্যগ্রহণৰ৷

উল্লেখ্য যে সূর্য, চন্দ্র আৰু পৃথিৱী একেটা শাৰীত অৱস্থান কৰাৰ ফলত দৃশ্যমান হয় এই মহাজাগতিক পৰিঘটনা৷ সম্পূর্ণ বলয়গ্রাসৰ বাবে সৃষ্টি হোৱা ‘ৰিং অৱ ফায়াৰ’ৰ দৃশ্য যথেষ্ট আকর্ষণীয়৷

অসমৰ উপৰি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত পৰিলক্ষিত হ’ব সম্পূর্ণ বলয়গ্রাস সূর্যগ্রহণ৷ ইপিনে, বিশ্বৰ কেইখনমান ৰাষ্ট্র যেনে– ছিংগাপুৰ, ফিলিপাইনছ, ছৌদি আৰব আৰু অষ্ট্রেলিয়াৰ কিছু অংশৰ আকাশত দৃশ্যমান হ’ব সূর্যগ্রহণ৷

তাৰকাগৃহৰ কিউৰেটৰ বৰাই ৰাজ্যবাসীক অতি সতর্কতাৰে বলয়গ্রাস সূর্যগ্রহণৰ দৃশ্য চাবলৈ আহ্বান জনাইছে৷ সম্পূর্ণ বৈজ্ঞানিক পদ্ধতিৰেহে এই সূর্যগ্রহণ চাবলৈ তেওঁ পৰামর্শ দিয়ে৷ সূর্যগ্রহণৰ দিনা তাৰকাগৃহত বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ সমান্তৰালভাৱে এই মহাজাগতিক পৰিঘটনাৰ যাতে গুৱাহাটীবাসী সাক্ষী হ’ব পাৰে, তাৰ বাবে পদক্ষেপ লৈছে খানাপাৰাস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্রই৷

এক বিবৃতিত বিজ্ঞান কেন্দ্রৰ প্রকল্প সমন্বয়ক বাসুদেৱ মণ্ডলে সদৰী কৰা অনুসৰি সেইদিনা বিজ্ঞান কেন্দ্রৰ চৌহদত বিশেষ সৌৰ ফিল্টাৰ আৰু টেলিস্ক’পৰ জৰিয়তে ছবি প্রদর্শনৰ ব্যৱস্থা কৰা হৈছে৷

ইফালে, বলয়গ্রাস সূর্যগ্রহণৰ বাবে ২৬ ডিচেম্বৰত দিনৰ ১২.৩০ বজাতহে খোলা হ’ব কামাখ্যা দেৱালয়ৰ মুখ্য দ্বাৰ৷ একেদৰে সেইদিনা ৫০১ টকাৰ বিশেষ টিকট সীমিত কৰাৰ বাবে প্রতিৰক্ষা বাহিনীৰ বিশেষ দর্শনৰ ৫১ টকীয়া টিকট বন্ধ থাকিব বুলি সদৰী কৰিছে কামাখ্যা দেৱালয়ে৷

You might also like