ৰাজনীতিৰ সময়ৰ শিষ্টাচাৰ
ভাৰতৰ প্রধানমন্ত্রীয়ে ডিঙিত গামোচা লৈ ক’ভিড ভেকচিন লোৱা ফটোখনক লৈ বহুজনে বিভিন্ন মন্তব্য দিছে আৰু তাৰে কিছুমানে শালীনতাৰ সীমা অতিক্রম কৰি গৈছে৷ সহজেই অনুমান কৰিব পাৰি যে সেইসকল বিজেপিবিৰোধী অথবা মোদীবিৰোধী৷ ভাৰতৰ দৰে এখন উদাৰ গণতান্ত্রিক দেশত আৰু বিশেষকৈ বিজেপিৰ দৰে পৰম্পৰা আৰু সংস্কাৰ–বিশ্বাসী দল এটাৰ চৰকাৰ শাসনত থকা সময়ত এনে বিৰোধীবোৰে সহজে নিজৰ মত প্রকাশ কৰি থকাৰ সুবিধাৰে দেশখনত এটা সংস্কৃতিবিৰোধী বাক্ধাৰাৰ প্রচলন কৰিব বিচৰাটো নিন্দনীয়৷ এটা কথা ঠিক যে বামপন্থী ৰাজনৈতিক দলবোৰ সাধাৰণতে এই কামত অধিক আগৰণুৱা আৰু নিজৰ দেশৰ বা ৰাজ্যৰ সন্মানীয় ঘটনা বা ব্যক্তিক নিন্দা কৰি স্বাভিমানত আঘাত কৰাটো তেওঁলোকৰ পুৰণি অভ্যাস৷ দেশৰ আন অংশৰ কথা বাদ দি অকল অসমৰ কিছুমান কথালৈ চালেই দেখা যায় যে বামপন্থী দল, কংগ্রেছ আৰু এআইইউডিএফ দলৰ প্রচাৰক হিচাপে কাম কৰি অহা হীৰেন গোহায়ে ভূপেন হাজৰিকাৰ দাদা চাহেব ফাল্কেপ্রাপ্তিত, ভবেন্দ্র নাথ শইকীয়াৰ মৃত্যুত অথবা সৌৰভ কুমাৰ চলিহাৰ সাহিত্য প্রসংগত কৰা মন্তব্যই ইয়াৰ জ্বলন্ত উদাহৰণ৷ নির্বাচনৰ সময়ত তেওঁ বিজেপিৰ বিৰোধিতা কৰি কৰা প্রচাৰ আৰু কেইদিনমানৰ আগতে বদৰুদ্দিন আজমলৰ সপক্ষত ৰাইজৰ দলক দিয়া উপদেশ অন্য এক উদাহৰণ৷ এইবোৰ অৱশ্যে খুব খহটা আৰু ৰুচিহীন প্রচাৰ৷ একে বাক্ধাৰাই নিয়ন্ত্রণ কৰিছে প্রধানমন্ত্রীৰ ভেকচিন লোৱা ফটোৰ আলোচনাক৷ প্রধানমন্ত্রীগৰাকী যি দলৰেই নহওক কিয়, তেওঁ সমগ্র দেশৰেই প্রধানমন্ত্রী আৰু তেওঁৰ প্রতি সন্মান প্রদর্শন কৰাটো নাগৰিকৰ দায়িত্ব৷ এতিয়াৰ সময়খিনি হৈছে নির্বাচনৰ সময় আৰু স্বাভাৱিকতে ৰাজনৈতিক নেতাৰ কাম–কাজক বিৰোধী দলে বিভিন্ন ধৰণে হেয় কৰাৰ প্রৱণতা এটা এই সময়তে গা কৰি উঠে৷ আগতে একোখন জনসভাত ভাষণ দিয়া সময়ত একোজন নেতাই আন এজনৰ বিৰুদ্ধে বেয়া কথা ক’লেও তাৰ প্রচাৰ আছিল সীমাবদ্ধ৷ কিন্তু আজিকালি কোনো কথাই ৰৈ নাথাকে, টেলিভিছন চেনেল, ছ’চিয়েল মিডিয়া আদিকে ধৰি বিভিন্ন মাধ্যমযোগে সেই কথাই ভাবিব নোৱাৰা ধৰণে প্রচাৰ লাভ কৰে৷ নির্বাচনৰ উত্তেজনাপূর্ণ দিনবোৰত সেইবোৰ কথা মুখৰোচক কথা হিচাপে চলি থাকিব পাৰে, মানুহে ৰস লাভ কৰিব পাৰে, কিন্তু কথাবোৰে সমাজত যি বেয়া প্রভাৱ পেলায়, তাৰ কুফল লাহে লাহেহে প্রকাশ পায়৷ ‘কা’ আন্দোলনৰ সময়ত এগৰাকী অভিনেত্রীয়ে মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীৰ মৃত্যুৰ বাবে গোসাঁই ঘৰত চাকি জ্বলোৱা কথাৰে ভাষণ দি তেওঁৰ সমবয়সীয়া আন এগৰাকী জনপ্রিয় অভিনেত্রীতকৈ অধিক জনপ্রিয় হৈ উঠা বুলি হয়তো ভাবিছিল, কিন্তু আচলতে সেই কথাই ‘কা’ আন্দোলনকো একো সহায় নকৰিলে, তেওঁৰ নিজৰো অকণো লাভ নহ’ল৷ কিন্তু বেয়া উদাহৰণটো ৰৈ গ’ল তেওঁৰ নিজৰ বাবে আৰু তেওঁৰ কথাৰ প্রতিবাদ নকৰা গায়ক–গায়িকাসকলৰ্ বাবে৷
ৰাজনীতি জডিত থকা বিভিন্ন উত্তেজনাপূর্ণ সময়ত এনেদৰেই বিভিন্ন বুদ্ধিদাতাই সামাজিক শৃংখলা নষ্ট কৰা কাম কৰি থাকে৷ এই কথাটো পুৰণি কথা আৰু পৃথিবীৰ সকলো ঠাইতে এনে ধৰণৰ বাক্ধাৰা সৃষ্টিৰ কাম চলি থাকে৷ তেনে কথাৰ বিৰোধিতা কৰি ৰাজনীতিত ব্যস্ত থকা লোকসকলে কেনেদৰে কথা ক’ব লাগে, সেই বিষয়ৰ ভালেমান গৱেষণামূলক গ্রন্থ প্রকাশ পাইছে৷ ঊনবিংশ শতিকাৰ শেষৰফালে প্রকাশিত ডেইজি আই ব্রাইটৰ ‘এ মেনুৱেল এবাউট এটিকেট’ গ্রন্থত কোৱা এটা কথা আজিৰ টেলিভিছনৰ টক শ্ব’ৰ বক্তাসকলৰ বাবে অতি প্রয়োজনীয়৷ তাত কোৱা হৈছিল যে মুখ মেলাৰ আগতে নিজকে শিক্ষিত কৰি ল’ব লাগে৷ অশিক্ষিত মানুহে কোৱা কথাই অকল মানুহজনৰে নহয়, দলটোৰো ক্ষতি কৰে৷ ঠিক তেনেদৰে একবিংশ শতিকাৰ ৰাজনৈতিক নেতাক ভাষণৰ প্রশিক্ষণ দিয়া আমেৰিকান মহিলা হাইনা গটছমেনে কৈছিল যে অতিমাত্রা চিঞৰ–বাখৰ কৰা, আনক কথা ক’বলৈ নিদিয়া আৰু আনৰ কথাৰ মাজতে চিঞৰ–বাখৰ কৰি উঠাৰ দৰে কামে যি অসহিষ্ণু ৰূপ প্রকাশ কৰে, সি অকল ব্যক্তিজনৰেই নহয়, তেওঁ প্রতিনিধিত্ব কৰা দলটোৰো ক্ষতি কৰে৷ ঠিক তেনেদৰে গোমোঠা মাৰি থকা মুখৰ মানুহ আৰু ফিতাহি মৰা বা আনৰ প্রতি ঠাট্টাৰ ভাব প্রকাশ কৰি থকা বক্তায়ো তেওঁৰ প্রতি এটা ঋণাত্মক মনোভাব গঢ়ি উঠাত সহায় কৰে আৰু তেওঁৰ মুখখনে দর্শকক তেওঁৰ দলটোৰ প্রতিও ঋণাত্মক ভাব গঠন কৰাত উদগনি যোগায়৷ এনেকুৱা মুখ টেলিভিছনৰ পর্দাত অধিক ওলাই থাকিলে, তাকো নির্বাচন ওচৰ চপা সময়ত, দলটোৰ ক্ষতি কৰিবলৈ আৰু বেছি শক্তিৰ প্রয়োজন নহয়৷টেলিভিছনৰ এটা টক শ্ব’ কমেও এঘণ্টা সময়ৰ হয় আৰু সমগ্র অসমৰ মানুহে চায়, নির্বাচনৰ সময়ত অধিক মনোযোগেৰে চায়৷ দর্শকে এঘণ্টা সময় এখন বিৰক্তিকৰ মুখ চাই থকাৰ ফলত কি ক্ষতি হ’ব পাৰে, সেইবোৰ কথা অসমৰ কেইবাটিও ৰাজনৈতিক দলে জানিবলৈ এতিয়াও বাকী আছে৷ ভোট কম পোৱা বা বেছি পোৱাত যে টিভিত ওলাই থকা মুখকেইখনৰ গুৰুত্ব আছে, সেই কথা আমাৰ ৰাজনৈতিক বিশ্লেষকসকলে জনা যেন নালাগে৷