আজমলক অখিল গগৈৰ চার্টিফিকেটৰ প্রয়োজন নাই
নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ আজমলক কোনো অখিল গগৈৰ চার্টিফিকেটৰ প্রয়োজন নাই৷ আজমল কি, সমগ্র বিশ্বই জানে৷’– এই মন্তব্য যমুনামুখ সমষ্টিৰ মহাজোঁটবন্ধনৰ অংশীদাৰ এ আই ইউ ডি এফৰ প্রার্থী বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলৰ৷ আজি তেওঁ যমুনামুখ সমষ্টিৰ নীলবাগানত এখন কর্মীসভাত অংশগ্রহণ কৰে৷ কেইবাসহস্র কর্মীয়ে জাপি, ফুলাম গামোচাৰে সম্বর্ধনা জনায় যমুনামুখ সমষ্টিৰ পৰা ৰাজনৈতিক জীৱন আৰম্ভ কৰা প্রাক্তন বিধায়ক তথা প্রাক্তন বৰপেটাৰ সাংসদজনক৷ যমুনামুখত উপস্থিত হৈয়ে প্রাক্তন সাংসদজনে বিস্ফোৰক মন্তব্য কৰে৷ তেওঁ ৰাইজৰ দল আৰু এজেপি বিজেপিৰ ‘বি’ টীম নহয়, দুয়োটা দল বিজেপিৰ নিজৰ টীম বুলি মন্তব্য কৰে৷ বর্তমান সমষ্টিত দেখা দিয়া তীব্র বিসম্বাদ সন্দর্ভত তেওঁ যমুনামুখ সমষ্টিত ইউডিএফৰ প্রতিদ্বন্দ্বী কোনোৱেই নাই বুলি মন্তব্য কৰি এইবাৰ তেওঁ লক্ষাধিক ভোটৰ ব্যৱধানত জয়যুক্ত হ’ব বুলি মন্তব্য কৰে৷ মহাজোঁটে চৰকাৰ কৰিব বুলি মন্তব্য কৰে প্রাক্তন সাংসদজনে৷ তেওঁ টোলগেটৰ দ্বাৰা বিজেপি চৰকাৰে ৰাইজক শোষণ কৰি আছে বুলি কয়৷ মহাজোঁটৰ চৰকাৰ হ’লে টোলগেট বন্ধ কৰাৰ বাবে দাবী জনাব৷ অখিল গগৈ ইউডিএফৰ বাবে কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰে৷