জিমলৈ যাব কিন্তু এনে ভুল নকৰিবঃ ২৪ ইঞ্চিৰ বাইচেপ্স বনাব গৈ বিপদত যুৱক
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ শৰীৰ চৰ্চাৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত জিমৰ পয়োভৰে এই কথা প্ৰমাণ কৰে। এয়া শুভ লক্ষণ যদিও জিম কৰাৰ নিয়ম-নীতি মানি চলাৰ বিপৰীতে হঠাতে বডীবিল্ডাৰ হ’বলৈ যোৱাৰ ইচ্ছাৰ পৰিণাম অতি বেদনাদায়ক হ’ব পাৰে।
এনে এক ঘটনা পোহৰলৈ আহিছে ৰাছিয়াত। ৰাছিয়াৰ ২৪ বছৰীয়া যুৱক কিৰীল টেৰেচিনে ছুপাৰমেন হোৱাৰ আকাংক্ষাৰে পেট্ৰোলিয়াম জেলী ইনজেকচন ব্যৱহাৰ কৰিছিল তেওঁৰ দুই বাহুত। মাত্ৰ ২০ বছৰ বয়সতে ২৪ ইঞ্চি বাইছেপ্স বনোৱাৰ বাবে প্ৰয়োগ কৰিছিল পেট্ৰোলিয়াম জেলী ইনজেকচন।
ইনজেকচনৰ বাবে তেওঁৰ হাতে ৰূপ লৈছিল বাহুবলীৰ। কিন্তু দুবছৰ মানৰ ভিতৰতে লাহে হাতত বিষ অনুভৱৰ লগতে দুৰ্বলতা অনুভৱ কৰে যুৱকজনে। অৱশেষত অতি বেয়ালৈ গতি কৰে তেওঁৰ দুয়োখন হাত।
শেষত ডাক্তৰৰ পৰামৰ্শ মতে অস্ত্ৰোপচাৰৰ সহায়ত এই অৱস্থাৰ পৰা মুক্তি পায় তেওঁ। চিকিতসকৰ মতে অস্ত্ৰোপচাৰ নকৰিলে কিৰীল টেৰেচিন হয়তো মৃত্যুমুখত পৰিলেহেঁতেন। অস্ত্ৰোপচাৰ কৰি কিৰীলৰ বাহুৰ পৰা প্ৰায় ২ লিটাৰ পেট্ৰোলিয়াম জেলি উদ্ধাৰ কৰে।
টেৰেচিনে প্ৰকাশ কৰা মতে, শৰীৰৰ আন অংশতো ইয়াৰ প্ৰয়োগ কৰিব বিচাৰিছিল তেওঁ, কিন্তু বাইছেপ্সৰ ফলাফললৈ অপেক্ষা কৰাৰ বাবে এনে মুৰ্খামি তেওঁ নকৰিলে। উল্লেখ্য, কিৰীল টেৰেচিনে তেওঁৰ দৰে এনে কাণ্ডৰ আনক নকৰিবলৈ আহ্বান জনায়।