মকড্ৰিলৰ ভিডিঅ’ক অসম আৰক্ষীৰ গুলীচালনা বুলি প্ৰচাৰ কংগ্ৰেছৰ, হিমন্ত বিশ্ব শৰ্মাৰ ভৰ্ৎসনা
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ অসমৰ স্বাস্থ্য, বিত্ত আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলে সামাজিক মাধ্যমত এটা ভুৱা ভিডিঅ’ পোষ্ট কৰাৰ বাবে দলটোক তীব্ৰ ভৰ্ৎসনা কৰে।
ঝাৰখণ্ডৰ আৰক্ষীৰ এটা মকড্ৰিল ভিডিঅ’ ‘কা’ বিৰোধী আন্দোলনৰ সময়ত অসম আৰক্ষীৰ দ্বাৰা গুলীচালনাৰ দৃশ্য বুলি প্ৰচাৰ কৰা বাবে কংগ্ৰেছক ভুৱা বাতৰি বিতৰণ কোম্পানী বুলি উল্লেখ কৰে ড০ শৰ্মাই।
ড০ শৰ্মাই টুইটযোগে লিখে- ‘কংগ্ৰেছ হ’ল ফেক নিউজ ফেক্টৰী! ২ মিনিটতে পৰীক্ষা কৰক, তেওঁলোকে এটা ঝাৰখণ্ডৰ মকড্ৰিলৰ ভিডিঅ’ক অসম আৰক্ষীৰ গুলীচালনা বুলি মিছাকৈ ব্যৱহাৰ কৰিছে।’
Congress is Fake News Factory!
Check at 2 min, how they have misused a mock drill video from Jharkhand to call it shooting by @assampolice. https://t.co/km68J31yKW pic.twitter.com/7sx8hz4Ylh
— Himanta Biswa Sarma (@himantabiswa) March 6, 2021