নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালালৈ গৌৰৱ কঢ়িয়ালে হিমশিখৰ কাশ্যপে

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: বজালী জিলাৰ সদৰ পাঠশালাৰ ছাত্র হিমশিখৰ কাশ্যপে কালি ঘোষিত ইউ পি এছ চিৰ ২০২০ বর্ষৰ সর্বভাৰতীয় নেচনেল ডিফেঞ্চ একাডেমীৰ প্রৱেশ পৰীক্ষাত স্থান লাভ কৰি পাঠশালাৰ লগতে সমগ্র বজালীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

পাঠশালাৰ জ্যোতিনগৰ নিৱাসী প্রয়াত ড০ দীনেশ চন্দ্র শর্মা আৰু ৰাণু দেৱীৰ পুত্র হিমশিখৰে ২০২০ বর্ষৰ নেচনেল ডিফেঞ্চ একাডেমীৰ সর্বভাৰতীয় পৰীক্ষাত ৯৬সংখ্যক স্থান লাভ কৰি এই গৌৰৱৰ অধিকাৰী হৈছে৷

উল্লখ্য যে গোৱালপাৰাৰ সৈনিক স্কুলৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰা হিমশিখৰে ৰাষ্ট্রীয় শিক্ষার্থী বাহিনীৰ ২০১৬ চনত বেষ্ট কেডাৰ হিচাপে অসমৰ মুখ্যমন্ত্রীৰ পৰা চিলাৰায় বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল৷

You might also like