ইউডিএফ কর্মীৰ হাতে হাতে বিহৰ বটল নামানে কংগ্রেছৰ প্রার্থীক
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: ৮১নং লাহৰীঘাট সমষ্টি কংগ্রেছ প্রার্থীক এৰি দিয়াটো একপ্রকাৰ নিশ্চিত হোৱাত ক্ষোভত ফাটি পৰিছে এ আই ইউ ডি এফৰ কর্মী–সমর্থক৷ ইউ ডি এফৰ প্রার্থিত্বৰে প্রতিদ্বন্দ্বিতাৰ পৰা বঞ্চিত হোৱা সম্ভাব্য প্রার্থী ছিদ্দিক আহমেদ আজি সমষ্টিত প্রৱেশ কৰাৰ লগে লগে দলীয় কর্মী–সমর্থকসকল্ আৱেগিক হৈ পৰে৷ সমষ্টিটোৰ অন্তর্গত গৰৈমাৰীত হাজাৰ হাজাৰ ইউ ডি এফ কর্মী সমৱেত হৈ ছিদ্দিক আহমেদক বিপুল আদৰণি জনায৷
আনকি শ শ ইউ ডি এফ কর্মীয়ে হাতে হাতে বিহৰ বটল লৈ অভিনৱ প্রতিবাদ সাব্যস্ত কৰে৷ ছিদ্দিক আহমেদক প্রার্থিত্ব প্রদান নকৰিলে বিহপান কৰি আত্মহত্যা কৰাৰ ভাবুকি দিয়ে ইউ ডি এফৰ কর্মী–সমর্থকসকল্৷ আনহাতে, প্রয়োজনত ছিদ্দিক আহমেদক নির্দলীয় প্রার্থী হিচাপে লৈ নির্বাচনত অৱতীর্ণ হোৱাৰ হুংকাৰ দিয়ে৷ লাহৰীঘাটত ইউ ডি এফৰ একমাত্র প্রার্থিত্বপ্রত্যাশী আছিল ছিদ্দিক আহমেদ৷ সমষ্টিটোত বিগত ২৫ বছৰ ধৰি ডাঃ নজৰুল ইছলাম বিধায়ক হিচাপে নির্বাচিত হৈ আহিছে যদিও সম্প্রতি সমষ্টিটোত নজৰুল ইছলামৰ জনপ্রিয়তা হ্রাস পাইছে৷ ফলত ৰাজনীতিৰ ক খ নজনা নজৰুল ইছলামৰ পুত্র ডাঃ আছিফ নাজাৰক দলে প্রার্থিত্ব প্রদান কৰাটো একপ্রকাৰ নিশ্চিত হোৱাত ইউ ডি এফৰ কর্মী–সমর্থকসকল্ জাঙুৰ খাই উঠিছে৷ বদৰুদ্দিন আজমলে কোটি কোটি টকাৰ বিনিময়ত ডাঃ নজৰুল ইছলামৰ ওচৰত আত্মসমর্পণ কৰিছে বুলি ইউ ডি এফৰ কর্মীসকলে অভিযোগ কৰিছে৷
লাহৰীঘাটত আজমলৰ প্রৱেশ নিষিদ্ধ কৰিব বুলি দলীয় কর্মীসকলে ভাবুকি দিয়ে৷ আনহাতে, ডাঃ আছিফ নাজাৰে কংগ্রেছৰ প্রার্থিত্ব পোৱাৰ খবৰ ওলোৱাৰ লগে লগে একাংশ কংগ্রেছ কর্মী–সমর্থক ক্ষুব্ধ হৈ পৰে৷ নজৰুল ইছলামৰ পুত্রক কোনোপধ্যে মানি নলয় বুলি একাংশ প্রবীণ কংগ্রেছ কর্মীয়ে হুংকাৰ দিয়ে৷ ছিদ্দিক আহমেদে যদি নির্দলীয় হিচাপে নির্বাচনত নামে, তেতিয়া কংগ্রেছ প্রার্থী সমষ্টিটোত নির্বাচনী যুঁজত শ’লঠেকত পৰাৰ পূর্ণ সম্ভাৱনা আছে৷