নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ এই ধাৰা স্তব্ধ হ’বলৈ নিদিব

যোৱা পাঁচটা বছৰৰ ভিতৰত আমাৰ অসম ৰাজ্যত যি হাৰত উন্নয়নমূলক কার্য সম্পন্ন হৈছে, সেয়া যথার্থতে অভূতপূর্ব৷ তাৰ আগৰ ডেৰ দশকৰ কালছোৱাতো যে কিছু অগ্রগতি হৈছিল, সেই কথা আমি অস্বীকাৰ নকৰোঁ৷ বিশেষকৈ ২০০৪ চনৰ পৰা ২০১৪ চনৰ কালছোৱাত এক সূত্র অনুসৰি ড০ মনমোহন সিঙে তেওঁৰ প্রধানমন্ত্রিত্বৰ দুটা কার্যকালত অসমলৈ সর্বমুঠ এক লাখ আশী হাজাৰ কোটি টকাৰ কেন্দ্রীয় সাহায্য আগবঢ়াইছিল৷ কোনো এক প্রসংগত প্রাক্তন প্রধানমন্ত্রীগৰাকীয়্ নিজ মুখে ব্যক্ত কৰিছিল যে তেওঁ উদাৰচিত্তে অসমক কেন্দ্রীয় পুঁজিৰ যোগান ধৰি থকা বাবে ৰাজ্যখনত উন্নয়নৰ গতি ত্বৰান্বিত হৈছিল৷ অৱশ্যে ড০ সিঙে অসমৰ প্রতি দর্শোৱা এই উদাৰতাৰ নেপথ্যত এক বিশেষ কাৰণ আছিল৷ কিয়নো তেওঁ যিমানবাৰ ৰাজ্যসভালৈ সাংসদ হিচাপে নির্বাচিত হৈছিল, প্রতিবাৰতে অসমৰ বিধায়কসকলেই তেওঁক প্রতিনিধি মনোনীত কৰি ৰাজ্যসভালৈ প্রেৰণ কৰিছিল৷ তাৰ কৃতজ্ঞতা স্বৰূপেই হওক নাইবা নিজ ৰাজনৈতিক স্বার্থ সুৰক্ষিত কৰিবৰ বাবেই হওক, ড০ মনমোহন সিঙে আন ৰাজ্যৰ তুলনাত অসমক কিছু মৰমৰ চকুৰে চাইছিল৷ কিন্তু অসমবাসীৰ বাবে দুর্ভাগ্যৰ কথা আছিল এই যে তেওঁ মৰম কৰি অসমক দিয়া বিশাল ধনৰাশিৰ পূর্ণ সদ্ব্যৱহাৰ সেই সময়ত সম্ভৱ হৈ উঠা নাছিল৷ কিয়নো তলিত অনেক ছিদ্র থকা পাত্র এটাত ওপৰৰ পৰা পানী যিমানেই নাঢ়ালক, সেই পানী ধৰি ৰখাটো অসম্ভৱ৷
ড০ মনমোহন সিঙৰ বিপৰীতে বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম–প্রীতিৰ চৰিত্র সম্পূর্ণ পৃথক৷ অসম মোদী ডাঙৰীয়াৰ গৃহ–ৰাজ্য নহয়, কিন্তু অসমৰ সার্বিক বিকাশৰ বাবে তেওঁ দায়বদ্ধ৷ এক পৰিসংখ্যা অনুসৰি বিগত পাঁচ বছৰত মোদী চৰকাৰেও অসমৰ উন্নয়নৰ শিতানত এক লাখ কোটি টকা বিনিয়োগ কৰিছে৷ পিছে পূর্বৰ দহ বছৰৰ তুলনাত পাৰ হৈ যোৱা পাঁচটা বছৰত অভাৱনীয় দ্রুততাৰে প্রতিখন উন্নয়নমূলক আঁচনি ৰূপায়িত হৈছে৷ ইয়াৰ কাৰণ– বর্তমানৰ জলাধাৰটোত আমি দেখাত কোনো ছিদ্র নাই৷ যাৰ বাবে কেন্দ্রই যোগান ধৰা প্রতিটো টকাৰে সদ্ব্যৱহাৰ কৰাটো যোৱা পাঁচ বছৰত সম্ভৱ হৈ উঠিছে৷ এইখিনিতে ২০১৬ চনৰ ২৪ মে’ৰ দিনা বর্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্যৰ মন্ত্রীসভাখনৰ শপত–গ্রহণ অনুষ্ঠানত উপস্থিত থকা প্রধানমন্ত্রী মোদীৰ এষাৰ কথা মোৰ মনলৈ আহিছে৷ সেইদিনাৰ অনুষ্ঠানটোত তেওঁ কৈছিল যে অহা পাঁচ বছৰত অসমে একোৰে অভাৱ অনুভৱ কৰিবলগীয়া নহ’ব৷ সেই কথাষাৰ সম্পূর্ণৰূপে বিশ্বাসত ল’বলৈ মই প্রস্তুত হ’ব পৰা নাছিলোঁ৷ ‘দেখিলেহে লেখিম’ ধৰণৰ ভাব এটা সেই সময়ত মোৰ মনলৈ আপোনা–আপুনি আহিছিল৷ কিন্তু সেইদিনাৰ শপত–গ্রহণ অনুষ্ঠানত প্রধানমন্ত্রীগৰাকীয়্ উল্লেখ কৰা পাঁচ বছৰীয়া কালছোৱা শেষ হ’বলৈ সম্প্রতি আঢ়ৈ মাহ বাকী থকা সময়ত তেওঁৰ কথাৰ যথার্থতা অনুভৱ কৰি মই এক কথাত আশ্চর্যান্বিত হৈ পৰিছোঁ৷ নির্ধাৰিত পাঁচটা বছৰৰ ভিতৰৰে এটা বছৰ ক’ভিড মহামাৰীক লৈ ব্যস্ত থাকিব লগা হোৱা সত্ত্বেও আমাৰ ৰাজ্যখনে ইতিমধ্যে বিকাশৰ এটা নতুন যুগত প্রৱেশ কৰাটো সহজেই অনুভৱসাধ্য হৈ উঠিছে৷ আলোচ্য সময়ছোৱাত কেইটামান বিশেষ খণ্ডৰ অগ্রগতি অতিশয় চমকপ্রদ আছিল৷ এই বছৰকেইটাৰ ভিতৰত কেৱল ব্রহ্মপুত্রৰ ওপৰত তিনিখনকৈ নতুন দলঙৰ নির্মাণ–কার্যই সম্পূর্ণ হোৱা নাছিল৷ তাৰ উপৰি আন তিনিখন দলঙৰ নির্মাণ–প্রক্রিয়াও ইতিমধ্যে আৰম্ভ হৈ গৈছে৷ তদুপৰি ব্রহ্মপুত্রৰ তলিয়েদি এটা সুদীর্ঘ সুৰংগ পথ নির্মাণৰ প্রস্তাৱো বিৱেচনাধীন হৈ আছে৷ আনহাতে আলোচিত কালছোৱাত মুঠতে বাইছ হাজাৰ কিলোমিটাৰ পকী পথো সাজি উলিওৱা বুলি এটা নির্ভৰযোগ্য সূত্রৰ পৰা আমি জানিব পাৰিছোঁ৷ ৰাজ্যৰ গ্রামাঞ্চলৰ পথ–দলংবিলাকেও ইতিমধ্যে নতুন ৰূপ পোৱা দৃষ্টিগোচৰ হৈছে৷
বিগত সময়ছোৱাত অভাৱনীয় অগ্রগতি লাভ কৰা আন এটা খণ্ড হৈছে স্বাস্থ্য আৰু চিকিৎসা৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনৰ পৰাই অসমত স্বাস্থ্য খণ্ডই ক্রমশঃ প্রগতি লাভ কৰিছে যদিও যোৱা পাঁচটা বছৰত এই খণ্ডটোৰ সাফল্য আছিল অতিকে উল্লেখনীয়৷ এসময়ত অসমৰ দৰে ৰাজ্য এখনত বাৰখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ প্রয়োজন মানুহে অনুভৱেই কৰিব পৰা নাছিল৷ পিছে চিকিৎসা মহাবিদ্যালয়ৰ লগতে একোখন সুসজ্জিত চিকিৎসালয় স্থাপন কৰাটোও অপৰিহার্য হৈ উঠে৷ এতেকে ৰাজ্যবাসীৰ জৰুৰী চিকিৎসা চাহিদা পূৰণ কৰিব পৰাকৈ ৰাজ্যৰ চিকিৎসা আৰু স্বাস্থ্য খণ্ডটোৱে ইতিমধ্যে এটা গঢ় লৈ উঠিছে৷ তাৰ স্পষ্ট প্রমাণ পোৱা গ’ল ২০২০ বছৰটোৰ ভিতৰত৷ এক প্রশস্ত পৰিগাঁথনি অবিহনে ক’ভিড মহামাৰী ইমান দক্ষতাৰে নিয়ন্ত্রণ কৰাটো কেতিয়াও সম্ভৱ নহ’লহেঁতেন৷ পাৰ হৈ যোৱা বছৰকেইটাত ৰাজ্যখনত কেৱল যে চিকিৎসা মহাবিদ্যালয়হে প্রতিষ্ঠা হৈছে তেনে নহয়, তাৰ সমান্তৰালভাৱে সাধাৰণ শ্রেণীৰ চৰকাৰী হাস্পতালো বহুসংখ্যক গঢ়ি তোলা হৈছে৷ তাৰ লগে লগে চিকিৎসাৰ অত্যাধুনিক সা–সুবিধাবোৰো অসমত ক্রমশঃ সুলভ হ’বলৈ ধৰিছে৷ মুঠৰ ওপৰত চিকিৎসা খণ্ডৰ অভূতপূর্ব সম্প্রসাৰণে ৰাজ্যখনৰ আর্থিকভাৱে দুর্বল শ্রেণীটোক ভালেখিনি সকাহ দিবলৈ সমর্থ হৈছে৷ এই গতি অব্যাহত থাকিলে অদূৰ ভৱিষ্যতে গুৱাহাটী মহানগৰীক কেন্দ্র কৰি স্বাস্থ্য পর্যটনে এক বিশেষ মাত্রা লভিব বুলি আমি আশাবাদী৷
ক’ভিড মহামাৰীৰ প্রাদুর্ভাৱ ঘটাৰ আগলৈকে অসমৰ মানুহৰ মনত এনে এটা ধাৰণাই গঢ় লৈছিল যে ৰাজ্যখনত স্বাস্থ্য আৰু চিকিৎসা খণ্ডৰ প্রসাৰ ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে৷ পিছে মহামাৰীটোৰ তাণ্ডৱে এই ধাৰণা অশুদ্ধ বুলি প্রমাণ কৰিলে৷ জনস্বাস্থ্য সন্দর্ভত এনে জৰুৰী অৱস্থাৰ যে পুনৰ উদ্ভৱ নহ’ব, তাৰ একো নিশ্চয়তা নাই৷ সেয়ে ভৱিষ্যতে আহিব পৰা একে ধৰণৰ বিপদৰ দৃঢ়তাৰে মুখামুখি হ’বৰ বাবে যিমান সম্ভৱ সিমান বেছিকৈ আমাক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় লাগে৷ এই প্রসংগতে উল্লেখযোগ্য যে এইপর্যন্ত ৰাজ্যখনত কার্যক্ষম হৈ থকা গোটেইকেইখন চিকিৎসা মহাবিদ্যালয়ৰ বার্ষিক ছাত্র–ভর্তিৰ সংখ্যা হাজাৰৰ ওচৰে–পাঁজৰে আছে৷ ফলত অসমৰ বহুতো মেধাৱী ছাত্র–ছাত্রীয়ে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ বছৰি একাংশ বহিঃৰাজ্যলৈ ঢ়াপলি মেলিব লগা হয়৷ আন একাংশ যুৱক–যুৱতীয়ে চিকিৎসা–বিজ্ঞান অধ্যয়নৰ সুযোগ নাপাই গভীৰ হতাশাত ভোগাও আমি দেখি আহিছোঁ৷ শেহতীয়াকৈ অসমত স্থাপন কৰিবলৈ লোৱা চিকিৎসা মহাবিদ্যালয়সমূহ সম্পূর্ণ হৈ উঠিলে ৰাজ্যৰ অনেক প্রতিভাশালী ছাত্র–ছাত্রীৰ বাবে ই আশীর্বাদস্বৰূপ হ’ব৷
এই প্রসংগতে এটা কথা উল্লেখ কৰিব লাগিব যে স্বাস্থ্য খণ্ডৰ সমানে অসমৰ উচ্চ শিক্ষা খণ্ডটো আগবাঢ়িবলৈ এতিয়াও সমর্থ হোৱা নাই৷ অভিযান্ত্রিক আৰু অন্যান্য কাৰিকৰী পাঠ্যক্রম অধ্যয়ন কৰিবলৈ বিচৰা অসমৰ ছাত্র–ছাত্রীৰ বহিঃৰাজ্যমুখী সোঁত এতিয়াও অব্যাহত আছে৷ অৱশ্যে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই বিষয়টোও ক্রমশঃ গুৰুত্বসহকাৰে লোৱা আমাৰ দৃষ্টিগোচৰ হৈছে৷ যিসকল ছাত্র–ছাত্রীৰ পিতৃ–মাতৃয়ে সন্তানক বেচৰকাৰী খণ্ডৰ ব্যয়বহুল শিক্ষানুষ্ঠানত পঢ়ুবাৱলৈ শিক্ষা–ঋণ লৈছে তেনে ঋণৰ এটা অংশ হ’লেও ৰাজ্য চৰকাৰে ৰাজসাহায্যৰ ৰূপত আগবঢ়াইছে৷ ‘অভিনন্দন’ আঁচনিৰ জৰিয়তে আগবঢ়োৱা তেনে ৰাজসাহায্য বিগত বছৰতো ৰাজ্যখনৰ প্রায় ছহেজাৰ ছাত্র–ছাত্রীয়ে লাভ কৰিছে৷
পর্যটন খণ্ডটোক ন–ৰূপ দিবলৈ এই চৰকাৰখনে বিশেষ তৎপৰতা আৰম্ভণিৰে পৰা প্রদর্শন কৰি আহিছে৷ কোনবিলাক বিষয় দেশী–বিদেশী পর্যটকসকলৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু হৈ উঠিব পাৰে, তাৰ বিজ্ঞানসন্মত বিশ্লেষণ প্রকৃতপক্ষে বিগত পাঁচটা বছৰতহে আৰম্ভ হৈছে৷ লক্ষণীয়ভাৱে অসমত ধর্ম–পর্যটনৰ প্রচুৰ সম্ভাৱনা নিহিত হৈ আছে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আৱির্ভাৱ স্থান বৰদোৱাৰ পৰাই ধর্ম–পর্যটনৰ দুৱাৰখন মুকলি হোৱা বুলি আমি অনুভৱ কৰিছোঁ৷ শেহতীয়াকৈ গুৰুজনাৰ জন্মস্থানক জাকতজিলিকা ৰূপ দিবলৈ ১৮৮ কোটি টকা ব্যয়সাপেক্ষ যি অভিলাষী আঁচনিৰ ৰূপায়ণ আৰম্ভ কৰা হৈছে, তাৰ অন্তর্গত স্থাপত্যৰ অপূর্ব আর্হি দেখি মই অভিভূত হৈ পৰিছোঁ৷ এযোৰ ভোৰতাল আৰু এটা খোলৰ আর্হিত যি অভিনৱ স্থাপত্যশৈলীৰ গঢ় দিবলৈ ওলাইছে, তাৰ জৰিয়তে কেৱল যে পর্যটকহে আকর্ষিত হ’ব তেনে নহয়, ইয়াৰ লগতে অসমীয়া কলা–কৃষ্টিও যুগ যুগলৈ জাজ্বল্যমান হৈ ৰ’ব৷ ধর্ম–পর্যটনৰ ক্ষেত্রত নীলাচলৰ কামাখ্যাধাম আৰু শিৱসাগৰৰ শিৱদ’ল আদিয়ে পূর্বৰ পৰাই পর্যটকসকলক আকর্ষণ কৰি ৰাখিছে৷ সম্প্রতি ৰাজ্য চৰকাৰে ধর্ম–পর্যটকৰ দৃষ্টিকোণৰ পৰা উক্ত দুয়োখন তীর্থক্ষেত্রক প্রক্ষেপ কৰিবলৈ ওলোৱাটো নিঃসন্দেহে আনন্দৰ কথা৷ অৱশ্যে ধর্ম–পর্যটনৰ উপৰি অসমত পর্যটন উদ্যোগক বিকশাই তুলিবলৈ অন্যান্য যিবিলাক উপাদান ইতিমধ্যে চিনাক্ত কৰা হৈছে, তাৰ সুফল ৰাজ্যখনে অদূৰ ভৱিষ্যতে লাভ কৰাটো প্রায় নিশ্চিত হৈ উঠিছে৷
তাহানিতে সুধাকণ্ঠ ভূপেন হাজৰিকাই এটি গীতত গাইছিল – ‘ৰঙৰ খনি য’তেই দেখিছোঁ ভগাই দিয়াৰ মন…৷’ এই কথাষাৰৰ মানে কি অর্থ উদ্ধাৰ কৰে মই নাজানো, কিন্তু মোৰ বাবে ইয়াৰ তাৎপর্য অতি গভীৰ৷ মই ভাবোঁ যে ‘ৰঙৰ খনি’ শব্দ দুটাৰে নমস্য গীতিকাৰগৰাকীয়ে সম্পদৰ উৎসসমূহকে বুজাইছে৷ অসমবাসীয়ে সৌ সিদিনালৈকে আক্ষেপ প্রকাশ কৰিছিল এইবুলি– কেন্দ্রই অতদিনে অসমৰ প্রাকৃতিক সম্পদৰাজি কেৱল শোষণহে কৰি আহিছে, তাৰ বিনিময়ত ৰাজ্যখনে কিন্তু একো পোৱা নাই৷ শেহতীয়াকৈ পিছে এই অভিযোগ অন্তঃসাৰশূন্য হৈ উঠিছে৷ কিয়নো বর্তমান সময়ত আমাৰ ৰাজ্যখনত যিমানবোৰ জনকল্যাণমূলক আঁচনি ৰূপায়িত হৈ আছে, একমাত্র ৰাজ্য চৰকাৰৰ নিজা উপার্জনেৰে সেয়া কোনোকালে সম্ভৱ নহ’লহেঁতেন৷ অতীতত ৰাজ্যবাসীয়ে যিবিলাক বস্তুৰ বাবে ইটোৰ পাছত সিটোকৈ আন্দোলন কৰিব লগা হৈছিল, তেনে বহুতো বস্তু এতিয়া অসমে স্বাভাৱিক প্রক্রিয়াৰেই এটা এটাকৈ পাবলৈ ধৰিছে৷
গান্ধীজীয়ে দেশৰ উন্নতিৰ কথা ভাবোঁতে সমাজৰ সবাতোকৈ বঞ্চিতজনৰ কথা সর্বপ্রথমে ভাবিবলৈ বিভিন্ন সময়ত পৰামর্শ দিছিল৷ সম্প্রতি অসম চৰকাৰে চলাই থকা ‘অৰুণোদয়’ আঁচনিখনৰ বেলিকা গান্ধীজীৰ উক্ত উপদেশ অতিশয় প্রাসংগিক বুলি মোৰ বিশ্বাস৷ কিয়নো দেশৰ সীমিত সম্পদৰাজিৰ ওপৰত প্রতিজন নাগৰিকৰে কিছু নহয় কিছু অধিকাৰ আছে৷ সমাজৰ সবাতোকৈ নিঃস্বজনৰ সেই অধিকাৰক সন্মান জনোৱাটো প্রতিখন চৰকাৰৰে পৱিত্র কর্তব্য৷ সেয়ে অৰুণোদয়ৰ নিচিনা আন বহুতো আঁচনিৰ ৰূপায়ণৰ জৰিয়তে ৰাজ্য চৰকাৰে সম্পদৰ সম–বিতৰণৰ নীতিকে মানি চলিছে৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ উদাৰ বিত্তীয় সহযোগিতা অবিহনে এনেবোৰ ব্যয়বহুল জনকল্যাণমূলক আঁচনি বাস্তৱায়িত কৰাটো ৰাজ্য চৰকাৰৰ পক্ষে কদাপি সম্ভৱ নহ’লহেঁতেন৷ অর্থাৎ নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনেও ৰাষ্ট্রীয় সম্পদৰ সুষম বিতৰণৰ আদর্শ নিষ্ঠাসহকাৰে মানি চলিছে৷ ফলত কেন্দ্রীয় চৰকাৰে প্রৱর্তন কৰা ‘উজ্বলা’, ‘আয়ুষ্মান ভাৰত’, ‘প্রধানমন্ত্রীৰ আৱাস যোজনা’ আদি কল্যাণকামী আঁচনিবিলাকৰ সুফলো অসমৰ আর্থিকভাৱে দুর্বল লোকসকলে একে সময়তে লাভ কৰাৰ সুযোগ পাইছে৷ যি পক্ষসমূহে এনে মহান আদর্শৰ প্রতি কায়মনোবাক্যে সমর্পিত মনোভাব প্রদর্শন কৰি আহিছে তেওঁলোকৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰাটো নিশ্চয় নীতিবিৰুদ্ধ কথা হ’ব নোৱাৰে৷

You might also like