শ্বোলেত কুৰ্তাৰ মাজেৰে হঠাতে ওলাইছিল হাত নথকা ঠাকুৰৰ হাত, চাওক সেই দৃশ্য
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ৰমেশ চিপ্পিৰ শ্বোলেৰ বিষয়ে সকলো অৱগত। ১৯৭৫ চনৰ ১৫ আগষ্টত মুকলি হোৱা শ্বোলেৰ জনপ্ৰিয়তা ইমানেই ব্যাপক যে আজিও ছবিখনৰ চৰিত্ৰসমূহৰ নামেৰে জনা যায় অভিনেতা-অভিনেত্ৰীক।
ইয়াক লৈ চৰ্চা হয় বিভিন্ন কমেদিয়ানৰ মাজত। ভাৰতৰ চলচ্চিত্ৰৰ ইতিহাসত শ্বোলেৰ সমান জনপ্ৰিয়তা কোনো কথাছবিৰে নাই।
কিন্তু শ্বোলে ছবিখনৰ শেষৰ পিনৰ এটা দৃশ্যত কটা হাতৰ ঠাকুৰ ৰূপী সঞ্জীৱ কুমাৰৰ হাত ওলাই যোৱা দৃষ্টিগোচৰ হয়। আমি জানো যে গব্বৰ সিঙে (আমজাদ খান) ছবিখনত হাত কাটিছিল ঠাকুৰৰ। আৰু ঠাকুৰে ইয়াৰ প্ৰতিশোধকল্পে ৰচনা কৰা সামগ্ৰিক কাহিনীৰ শেষৰ ফালে গব্বৰ সিঙক অকলে বিহিছিল শাস্তি।
এনে এটা শ্বটতে সঞ্জীৱ কুমাৰৰ কটা হাত ওলাই পৰিছিল পিন্ধি থকা পঞ্জাৱী চোলাৰ মাজেৰে। সাধাৰণতে কাৰোৱে চকুত নপৰে যদিও এই দৃশ্য প্ৰত্যক্ষ কৰা যায় কথাছবিখনত।
অৱশ্যে এখন ছবি নিৰ্মাণৰ ক্ষেত্ৰত কৰা সামগ্ৰিকতাৰ মাজত এয়া সামান্য ভুল। তথাপি ই সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। উল্লেখ্য, পৰিচালক ৰমেশ চিপ্পিৰ ছবিখনে প্ৰজন্মৰ পিছত প্ৰজন্মক প্ৰভাৱিত কৰিছে। সঞ্জীৱ কুমাৰ আৰু অমজাদ খানৰ উপৰি ছবিখনত অমিতাভ বচ্চন, জয়া বচ্চন, ধৰ্মেন্দ্ৰ, হেমা মালিনী, জগদীপ আদি মুখ্য চৰিত্ৰৰ মাজেৰে অভিনয় কৰিছিল।